এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২৩
পূজাৰ আয়োজন

যেনিবা ভয়ৰ কাৰণেই আছে, তথাপি ৰজা হৈ প্ৰজালৈ ভয় কৰিব লাগিলে ৰজাৰ মৰ্য্য়াদা থাকিব ক’ত! ৰজাৰ ধৰ্ম্ম মানি- বলৈ সকলো প্ৰজা বাধা, যি নামানে তাক শাস্তি দিয়াটোও ৰজাৰ ধৰ্ম্ম। মোৰ বিশ্বাস কোনেও আপত্তি নকৰে। এতিয়া কোনোবাই মৌখিক আপত্তি দৰ্শাব পাৰে, কিন্তু যেতিয়া পূজাৰ আড়ম্বৰ দেখিব, আমোদ-প্ৰমোদত যোগ দিবলৈ পাব, ভোজ- ভাতৰ বিপুল আয়োজন দেখা পাব, তেতিয়া সকলোৰে আপত্তি উৰি যাব; সকলোৱে পূজাৰ মূল্য বুজিব। আনফালে আপোনাৰ গুণ-যশস্যাই আগৰ ৰজাসকলৰ যশস্যাকো তল পেলাব। তেতিয়া অতি সহজে ৰজাৰ ধৰ্ম্মই ৰাষ্ট্ৰ ধৰ্ম্ম হ’ব, আৰু ৰাজ ক্ষমতাও বহুত গুণে বাঢ়িব।

 ফুলেশ্বৰী সৰুৰে পৰা দেৱালয়ৰ নাচনী। তেতিয়াৰে পৰা পূজাপাটললৈ তেওঁৰ ধাউতি। তাতে আকৌ শিৱসিংহৰ লগ লোৱাৰো আগৰে পৰা সম্পূৰ্ণৰূপে বিশ্বদেৱৰ হাতত। সেই কাৰণে বিশ্বদেৱে তেওঁৰ প্ৰস্তাৱত ফুলেশ্বৰীক সম্মত কৰাওঁতে বেচি সময় নালাগিল। বিৰাট আয়োজনেৰে দুৰ্গাপূজা পাতি বলৈ ফুলেশ্বৰী সম্মত হ’ল।

 তেতিয়াও পূজালৈ তিনি-চাৰি মাহ বাকী। ইয়াৰ ভিতৰতে বিশ্বদেৱ আদিয়ে বঙ্গদেশৰ পৰা নতুন কাৰিকৰ, দুৰ্গাপূজাৰ বিশেষজ্ঞ লোক, নাচ, গান, কীৰ্ত্তনৱালী আদি অনাৰ ব্যৱস্থা কৰিলে।

 বৰ ৰজাৰ আদেশত কৰ্মচাৰীসকলো আন কাম এৰি পূজাৰ আয়োজনত লাগি গ'ল।