বেমেজালি নুগুচিল। এতিয়াও সৰহ ভাগ প্ৰজাই দুৰ্গা,
কালী আদিক নামানে। যি ধৰ্ম্ম ভাল, যাক স্বয়ং ৰজাই গ্ৰহণ
কৰিছে, তেনে ধৰ্ম্মক অবজ্ঞা কৰা মানে ৰজাক অবজ্ঞা কৰা
নহয় জানো? সিহঁত বোলে বৈষ্ণব! বৈষ্ণৱ হয় কোন?
খাবলৈ নোপোৱা ভিকহু। যাৰ ধন-বস্তু নাই, সি নাম গাই
মাহ-চাউল চোবোৱাৰ বাহিৰে আৰু কি কৰিব! যি দেশত
এনেকুৱা বৈষ্ণৱৰ সংখ্যা বেচি তেনে দেশক সকলোৱে ভিকহুৰ
দেশ বুলি ভাবে। আন ফালে ভাল পুষ্টিকৰ বস্তু খাবলৈ
নোপোৱাত মানুহবোৰো দুৰ্ব্বল হৈ যায়। সেই কাৰণে ৰজাৰ
গৌৰৱ বঢ়াবলৈ, প্ৰজাৰ শক্তি বৃদ্ধি কৰিবলৈ শক্তি পূজাৰ বহুল
প্ৰচাৰ হোৱাৰ প্ৰয়োজন। মই কওঁ এই বাৰ বৰ ডাঙৰকৈ
এখন ৰজাঘৰীয়া দুৰ্গাপূজা পতা যাওক, সকলোকে তাত যোগ
দিবলৈ আদেশ শুনাই দিয়ক। ব্ৰাহ্মণ-শূদ্ৰনিৰ্ব্বিশেষে সকলো
মহন্তকে নিমন্ত্ৰণ কৰা হওক। যদি কোনোবা নাহে তেনে
লোকক ধৰি আনি গোসাঁনী সেৱা কৰিবলৈ আৰু প্ৰসাদ লবলৈ
বাধ্য কৰা হওক। মহন্তসকলক আমাৰ ধৰ্ম্ম লোৱাব পাৰিলে
আন মানুহ এনেয়ে আমাৰ দললৈ আহিব।
ফুলে।—সেইটো মোৰো মত। কিন্তু তাত এটা ভয়ৰ কাৰণ আছে। যদি বেচি ভাগ মহন্তই আপত্তি কৰে, কিবা এট হুলস্থূল লাগিব পাৰে। জানোচা ৰাজ্যত কিবা অশান্তি হয়!
বিশ্ব।—অশান্তি সৃষ্টি কৰিব কোনে! মহন্তবিলাকৰ মুখ খনৰ বাহিৰে আৰু জানো কিবা অস্ত্ৰ আছে! স্বৰ্গদেৱ গদাধৰ সিংহৰ দিনতে সেইটো প্ৰমাণ হৈ গৈছে। তথাপি ধৰব