এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১১
ছত্ৰভঙ্গ যোগ


 শিৱ।—তেন্তে সিংহাসন ৰাখিবৰ উপায় নাই?

 জ্যোতি।—পোনপটিয়ে নাই; আওপাকে দি আছে।

 শিৱ।—মই বুজা নাই।

 জ্যোতি।– আপুনি সিংহাসনত থাকিলে তাৰ পৰা নামিবই লাগিব। তেতিয়া কোন তাৰ গৰাকী হয় ঠিক নাই। এতিয়া আপুনি যদি সেই সময়লৈ বাট নাচাই আগতে নিজে সিংহাসন এৰি আপোনাৰ কোনোবা অতি আপোন জনক বহুৱায়, তেন্তে জ্যোতিষৰ বচনো সত্য হ’ব, ৰাজ্যও প্ৰকাৰান্তৰে আপোনাৰেই থাকিব।

 শিৱ।–তেনে আপোন জন কোন হব! যাক সিংহাসন দিওঁ তেৱেঁই যদি আপোন গুচি পৰ হয়?

 অলপ ভাবি দৈৱজ্ঞই ক'লে—“যি কেতিয়াও পৰ হ'ব নোৱাৰে তেনে জনক বহুৱাওক।”

 শিৱ।—তেনে জন যে ওলাব মোৰ বিশ্বাস নহয়।

 জ্যোতি।—ওলাব। স্বৰ্গদেৱে আঁতৰলৈ চকু দিছে, ওচৰলৈ মনকে কৰা নাই।

 শিৱ।—তাৰ মানে?

 জ্যোতি।–তাৰ মানে –আপুনি যদি আই-কুৱঁৰীক পাটত বহুৱায়, তেন্তে তেওঁ কেতিয়াও পৰ নহয়। তেতিয়াও আপোনাৰ সিংহাসন আপোনাৰেই থাকিব।

 দৈবজ্ঞৰ কথা ৰজাৰ মনোমত হ'ল আৰু তেওঁক আশাতীত ৰূপে পাৰিতোষিক দি বিদায় দিলে। তাৰ পাচত ৰজাই পাত্ৰ-