এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৭
ছত্ৰভঙ্গ যোগ।

এইটো ক'ব পাৰোঁ যে মা কালীৰ কৃপাত আজিলৈকে মোৰ গণনাত কেতিয়াও ভুল হোৱা নাই। জ্যোতিষ শাস্ত্ৰতকৈ ডাঙৰ শাস্ত্ৰ নাই। ই যি ক'ব, সি কেতিয়াও মিছা হ'ব নোৱাৰে।

 শিৱ। —ময়ো বাপুসকলৰ মুখে তেনেকৈয়ে শুনিছোঁ; সেইহে তোমাক মতাইছোঁ। বাৰু, এতিয়া গণনা আৰম্ভ কৰাঁ।

 জ্যোতিৰ্ভূষণে ৰজাৰ সোৱঁৰণীখন চাই গণিবলৈ ধৰিলে। ফলি এখন লৈ তাত বহুতো আঁকবাক কৰি বিবিধ শ্লোক মাতিলে। ৰজাৰ হাতখন চাই বাং-বিংকৈ কিবাকিবি গালে। তাৰ পাচত মুখখন বিকটাই পেলালে।

 ৰজাই সুধিলে—“পিছে কেনে দেখিলা?”

 জ্যোতি।—স্বৰ্গদেৱ, এটা কথা কওঁ। মানুহৰ কপালত ভালো থাকে, বেয়াও থাকে। ভালটো নাজানিলেও হানি নহয়, কিন্তু বেয়াটো জনাৰ পৰা লাভ আছে। কিয়নো তেতিয়া আগলৈ সাৱধান হ’ব পাৰি, আৰু কিবা প্ৰতীকাৰ থাকিলে তাকো কৰিব পাৰি। কিন্তু কিছুমান মানুহ আছে তেওঁলোকে এই কথা গমি নাচায়; বেয়াটো শুনিলেই ধৈৰ্য্য় হেৰুৱায়, আৰু গণকৰ ওপৰত অসন্তুষ্ট হয়।

 শিৱ।—তুমি ভয় নকৰিবা, গণনাত যি পাইছা তাকে হুবহু কৈ যোৱাঁ।

 জ্যোতি।—মুঠতে স্বৰ্গদেৱৰ সকলো ভাল। মুঠেই—।

 শিৱ।— মই বুজিছোঁ কিবা এটা ডাঙৰ বেয়া আছে। তাকে কবলৈ তুমি শঙ্কা কৰিছা।