পৃষ্ঠা:গণ-বিপ্লৱ.pdf/২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
গণ-বিপ্লৱ।


কোনোৱে মহাপুৰুষৰ ধৰ্ম্মমতৰ বিকৃত ব্যাখ্যাও উলিয়ালে। মুঠতে মহাপুৰুষ শঙ্কৰদেৱৰ সাম্যবাদত বৈষম্যৰ বীজাণু এই কালতেই প্ৰবেশ কৰিলে।

 এইবোৰ ব্যৱস্থাৰ উপৰিও শিৱসিংহই বামুণৰ প্ৰবৰ্ত্তনৰ নিমিত্তে নানা ঠাইত দেৱালয় স্থাপন কৰিলে, দেৱোত্তৰ আৰু ব্ৰহ্মোত্তৰ মাটি দান কৰিলে; পূজা পাটল চলাবলৈ পাৰ্য্য়মানে যত্ন কৰিলে। কিন্তু বিশ্বদেৱ আৰু তেওঁৰ দল ইমানতো সন্তুষ্ট নহ'ল। তেওঁলোকে গোটেই দেশত শক্তিৰ উপাসনা চলাবলৈ ৰজাক নানা প্ৰকাৰে, বুজাবলৈ ধৰিলে, কিন্তু বাধ্যতামূলক ভাবে তেনে কৰিবলৈ শিৱসিংহ সম্মত নহ'ল। তেনে কৰিলে যে ৰাজ্যত বিপ্লৱ উপস্থিত হ'ব তাক তেওঁ বুজিছিল।

 বিশ্বদেৱ আৰু তেওঁৰ দলৰ লোকসকলে নানা উপায় অৱলম্বন কৰিও, আন কি ফুলেশ্বৰৰ হতুৱাই কোৱায়ো শিৱসিংহক দেখ- দেখিকৈ বৈষ্ণৱ-পীড়নত লগাব নোৱাৰিলে। তেওঁলোক কিন্তু হতাশ নহ'ল, নতুন কৌশল উদ্ভাৱন কৰিবৰ মনেৰে দৈবজ্ঞৰ ওচৰ চাপিল।

 ইয়াৰ কিছুদিনৰ পাচত বিশ্বদেৱৰ উপদেশমতে শিৱসিংহই তেওঁৰ দশাটো চোৱাব খুজিলে। সেই মতেই বঙ্গদেশৰ পৰা অলপ দিনৰ আগতে অহা তান্ত্ৰিক জ্যোতিষী আগমানন্দ জ্যোতিৰ্ভূষণক নিমন্ত্ৰণ কৰা হল। ৰজাৰ আহ্বানত জ্যোতিৰ্ভূষণ ৰাজ চ’ৰাত উপস্থিত হ'ল। ৰজাই কলে, — “তোমাৰ গণনাৰ সুখ্যাতি বাপু- সকলৰ মুখত শুনিছোঁ; সেই দেখি ময়ো তোমাৰ হতুৱাই মোৰ দশাটো চোৱাব খুজিছোঁ। ঠিকমতে চাব পৰিবা নহয়?”

 জ্যোতিৰ্ভষণে ক'লে—স্বৰ্গদেৱ, মই বৰ কথা নকওঁ; তথাপি