এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৫
ছত্ৰভঙ্গ যোগ


তেওঁৰ গতি অবাধ আছিল। তেওঁৰ উপদেশমতেই এতিয়া স্বৰ্গদেৱে ঘোষণা কৰিলে যে যিবিলাক সত্ৰত মূৰ্ত্তি ৰাখি বামুণৰ হতুৱাই পূজা- সেৱা চলাব, সেইবোৰ সত্ৰক যথেষ্ট পৰিমাণে নিষ্পিখেৰাজ মাটি দিয়া হ’ব আৰু সেই সত্ৰৰ গৰাকী সকলৰ মানো বঢ়োৱা হ'ব।

 ধন-মানৰ লোভ বৰ ডাঙৰ লোভ। এই লোভ এৰিব পৰা লোকৰ সংখ্যা বিৰল। এই ঘোষণাৰ ফলত বহুতো মহন্তই নিজ নিজ সত্ৰৰ মণিকুটত একোটা বিগ্ৰহ ৰাখি একোজন পূজাৰী বাপুৰ ভৰণ-পোষণৰ ভাৰ ল'লে আৰু নিজেও ৰজাৰ অনুগ্ৰহ লাভ কৰিলে। দুখীয়া মহন্তসকলেও ডাঙৰক দেখি নিজৰ সত্ৰত মূৰ্ত্তিৰ ব্যৱস্থা কৰিলে; কিন্তু তেওঁলোকৰ জাত হে গ'ল, পেট নভৰিল; তেওঁলোকৰ ভাগ্য়ত ৰজাৰ অনুগ্ৰহ নিমিলিল। এইবোৰ প্ৰলোভনে টলাব নোৱাৰিলে একমাত্ৰ মায়ামৰীয়া মহন্ত চতুৰ্ভুজক।

 যদিও এনেকৈয়ে সত্ৰবিলাকত মূৰ্ত্তি সোমাল, তথাপি বিষ্ণুৰ বাহিৰে আন দেৱতাৰ মূৰ্ত্তিয়ে তাত ঠাই নাপালে। সেই কাৰণে মহন্তসকলৰ ধৰ্ম্মমত আগতে যেনে আছিল প্ৰায় তেনেই থাকিল। অৱশ্যে বামুণীয়া প্ৰভাবত পৰি নিয়ম-কাৰণ বহুতো লৰিল। আগেয়ে গুৰুসকল আছিল ধৰ্ম্মৰ ধৰণী, শিষ্যৰ লগত সম্পৰ্ক আছিল পিতা-পুত্ৰৰ, সকলো ভকত আছিল সমান। এতিয়া বামুণৰ প্ৰাধান্য ৰক্ষা কৰিব লগা হোৱাত, আন ভকতৰো জাত-বিচাৰ কৰি সৰু-বৰ কৰিব লগা হ’ল; গুৰু-শিষ্যৰ সম্পৰ্কও ৰজা-প্ৰজাৰ সম্পৰ্কলৈ পৰিবৰ্ত্তিত হ'ল। এই সময়ৰ পৰাই কোনো কোনো ব্ৰাহ্মণ গুৰুৱে তেওঁলোকৰ একশৰণ বৈষ্ণৱ ধৰ্ম্মত নানা দেৱ-দেবীৰ পূজালৈ ঠাই , উলিয়াই হোজা শিষ্য-সকলক ভুৱা দিবলৈ ধৰিলে। কোনো