এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


 

তৃতীয় অধ্যায়।
ছত্ৰভঙ্গ যোগ।

 স্বৰ্গদেৱ শিৱসিংহ কৃষ্ণৰামৰ শিষ্য আছিল। তেওঁ গুৰুক বৰকৈ ভক্তি কৰিছিল আৰু তেওঁক সন্তুষ্ট কৰিবলৈ সদায় চেষ্টা কৰিছিল। সেই বাবেই উজনি-নামনি দুয়ো ঠাইতে তেওঁক বিস্তৰ মাটি আৰু কামাখ্যা পৰ্ব্বত থাকিবলৈ ঘৰ-দুৱাৰ সাজি দিছিল। এই সূত্ৰতে তেওঁৰ নাম হ'ল পৰ্ব্বতীয়া গোসাঁই।

 পৰ্ব্বতীয়া গোসাঁই অহাৰে পৰা অসমৰ আভ্যন্তৰীণ নীতি-নিয়মৰ বহুত পৰিবৰ্ত্তন ঘটিল। ৰজাৰ আৰ্হি লৈ নাইবা ৰজাক ভালাৰ বোলাবলৈ বহুতো বামুণ আৰু বিষয়াই আগৰ বৈষ্ণৱ গুৰু এৰি পৰ্ব্বতীয়া গোসাইত শৰণ লৈ শক্তিপূজাত ধৰিলে আৰু তাৰ বাবে বিস্তৰ ৰাজ অনুগ্ৰহো লাভ কৰিলে। আন কি, কোনো কোনো বামুণীয়া বৈষ্ণৱ সত্ৰতো বৈষ্ণৱ ধৰ্ম্মৰ লগতে শক্তি মন্থৰ দীক্ষা মিহলাই এক মিশ্ৰ ধৰ্ম্মৰ সৃষ্টি কৰা হ'ল। তেতিয়াও শূদ্ৰ মহন্তসকল অবিচলিত আছিল; তেওঁলোকে নিজৰ ধৰ্ম্মত ব্যাভিচাৰ সুমাব নুখুজিলে।

 বৈষ্ণৱবিদ্বেষী ব্ৰাহ্মণসকলৰ নেতা বিশ্বদেৱক শিৱসিংহই শ্ৰদ্ধা কৰিছিল; কিয়নো তেওঁ চেষ্টা নকৰা হ'লে তেওঁ ফুলেশ্বৰীক লাভ কৰিব নোৱাৰিলেহেতেন। সেই কাৰণেই ৰজা আৰু ৰাণীৰ ওচৰলৈ