এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
গণ-বিপ্লৱ।

ৰুদ্ৰসিংহই এই সময়তে বঙ্গদেশ অধিকাৰ কৰিবলৈ মন মেলিলে। কৰতোয়া নেলৈকে সীমা বঢ়াই প্ৰাচীন কামৰূপ গোটেইখন তেওঁৰ শাসনৰ তললৈ নাই তেওঁৰ অভিপ্ৰায় আছিল। তেওঁ বিপুল আয়োজন কৰি নিজৰ নেতৃত্বত এটা বিৰাট বাহিনী লৈ ৰংপুৰৰ পৰা যাত্ৰা কৰিলে। শিৱসিংহও লগত যাব লগা হৈ হৈছিল। তেওঁ ফুলমতীক এৰি যাব নোৱাৰি লগতে লৈ গৈছিল।

 অভিযান গৈ গুৱাহাটী পাওঁতেই স্বৰ্গদেৱ ৰুদ্ৰসিংহ নৰিয়া পৰিল। তেতিয়া তেওঁ তাতে চাউনি পাতি ৰ'ল : চিকিৎসাও নিয়মমতে চলিবলৈ ধৰিলে। কিন্তু একোৱেই গুণ নিদিলে; কিছু দিন নৰিয়া পাটীত পৰি থাকি তেওঁ চিৰদিনৰ নিমিত্তে চকু মুদিলে। বঙ্গ অধিকাৰৰ সপোন সপোন হৈয়েই থাকিল।

 স্বৰ্গদেৱৰ লোকান্তৰৰ পাচত অভিযান আগ নবঢ়াই ওলোটাই অনাটোকে পাত্ৰ-মন্ত্ৰীসকলে স্থিৰ কৰিলে। আৰু সেই মতেই যাত্ৰাৰ ক্ষণ স্থিৰ কৰি সকলো উলটিবলৈ সাজু হ'ল। এনেতে জনা গ'ল যে ফুলমতীৰ গা ভাল নহয়, তেওঁ যাত্ৰা কৰিবলৈ অক্ষম। ফুলমতীক এৰি আহিবলৈ শিৱসিংহ সম্মত নহ'ল। বিষয়াসকলে শিৱসিংহক জনালে যে ৰাজ্য বেচি দিন অৰাজক কৰি ৰখা উচিত নহয়, তেওঁ অবিলম্বে ৰাজধানীলৈ গৈ ৰাজ্যভাৰ গ্ৰহণ কৰিব লাগে। ফুলমতীৰ চিকিৎসাৰ সুব্যৱস্থা কৰি তেওঁ এতিয়া ওলাওক, নৰিয়া ভাল হ'লেই তেওঁক নিয়াৰ ব্যৱস্থা কৰা হ'ব। কিন্তু কোনো যুক্তিয়েই শিৱসিংহক ফুলমতীৰ ওচৰৰ পৰা লৰাব নোৱাৰিলে। অগত্যা ফুলমতীৰ বিয়া ভাল নোহোৱালৈকে সকলোৱেই গুৱাহাটীতে অপেক্ষা কৰিব লগাত পৰিল।