এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১১
ফুলেশ্বৰী কুৱঁৰী।

আৰু ৰুদ্ৰসিংহ স্বৰ্গী হ'লে এওঁৰ যোগে দিয়েই শিৱসিংহৰ হতুৱাই তেওঁলোকৰ অভীষ্ট সিদ্ধি কৰাব পাৰিব। সেই মতেই তেওঁলোক ফুলমতীৰ ওচৰ চাপিল আৰু নানা প্ৰলোভন দেখুৱাই হাত কৰি ল'লে।

 এদিন শিৱসিংহক লগত লৈ বাপুসকলৰ মুখিয়াল বিশ্বদেৱ কালুগাৱঁৰ দেৱালয়লৈ গ'ল। তাত পূজা-সেৱা কৰি নাচ চোৱাৰ ব্যৱস্থা কৰিলে। আয়োজন হ'ল; নাচনী ফুলমতী। ফুলমতী সুন্দৰী, গোটেই দেহত লাবণ্য ফুটি উঠিছে। মুখৰ গঢ়, চকুৰ চাৱন, ওঠৰ হাঁহি, খোজৰ ভঙ্গী সকলোতে সৌন্দৰ্য্যৰ সমাবেশ। বিচিত্ৰ সাজ-পাৰেৰে সুসজ্জিতা হৈ তেওঁ নাচ-গান আৰম্ভ কৰিলে। কি মধুৰ তেওঁৰ কণ্ঠস্বৰ! কি বিতোপন তেওঁৰ গ্ৰীবা-ভঙ্গী! গীতৰ তালে তালে নৃত্যৰ কি মধুৰ সমাবেশ! কৰ-চৰণৰ কি লীলায়িত গতি! বিক্ষিপ্ত কুন্তলৰ কি মনোহৰ তৰঙ্গ! বিবিধ অঙ্গ-সঞ্চালনত কি মধুৰ মাদকতা! শিৱসিংহ তন্ময় হ'ল; নিজৰ অস্তিত্ব, পদমৰ্য্যাদা সকলো পাহৰি গ'ল। তেতিয়াই ফুলমতীক তেওঁৰ সঙ্গিনী কৰিবলৈ উন্মাদৰ দৰে হ'ল। কিন্তু পত্নীৰূপে সঙ্গিনী কৰা সহজ কথা নহয়, স্বৰ্গদেৱে এনে বিবাহ কেতিয়াও সমৰ্থন নকৰে। অৱশ্যে লিগিৰী কৰি অনাত কোনো বাধা নাই। বিশ্বদেৱে ভবিষ্যতত ৰাণী হোৱাৰ আশা দেখুৱাই ফুলমতীৰ পিতাকক এই বিষয়ে আগতে সম্মত কৰাইছিল। সেই মতেই ফুলমতীক শিৱসিংহৰ হাত-ধৰী লিগিৰীৰূপে কাৰেঙলৈ অনা হ’ল। শিৱসিংহ ফুলমতীৰ ৰূপ আৰু নাচত এনেকৈ মজি গৈছিল যে তেওঁক নেদেখাকৈ এক্ষন্তেকো থাকিব নোৱৰা হৈছিল।

 নিজ দেশত সম্পূৰ্ণৰূপে শান্ত তাক শৃঙ্খলা প্ৰবৰ্ত্তন কৰি স্বৰ্গদেৱ


এই পৃষ্ঠাৰ অস্পষ্ট শব্দবোৰ "দণ্ডিনাথ কলিতা ৰচনাৱলী"ৰ সহায়ত সংশোধন কৰা হৈছে।