পৃষ্ঠা:গণ-বিপ্লৱ.pdf/১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আগ কথা।

উপচি পৰিছিল। কিন্তু তেওঁলোকৰ বাহিৰে আন সকলো ম্ৰিয়মাণ হৈছিল।

 গদাধৰসিংহৰ তিৰোধানৰ পিচত ৰজা হ’ল ৰুদ্ৰসিংহ। এজন সৰ্ব্বগুণী ৰজা আছিল। পিতৃৰ অন্যায় কাৰ্য্য সুৱঁৰি এওঁ বৰ দুখিত হ'ল আৰু অনাই-বনাই ফুৰা মহন্তসকলক নিৰ্ভয় দি পুনৰায় পূৰ্ব্বৱতে স্থাপন কৰিলে। অকল সেয়ে নহয়, তেওঁ নিজে আউনিআটীৰ অধিকাৰত শৰণ ল’লে। ব্ৰাহ্মণসকলে কোনোমতে ইয়াত াধা দিব নোৱাৰিলে, কিন্তু তেওঁলোকৰ অনুৰোধত ৰুদ্ৰসিংহই এটা নিয়ম কৰিলে যে কোনো বামুণে শূদ্ৰ গুৰুক সেৱা কৰিব নোৱাৰে। এই আদেশ পাই বহুতো বামুণ দোৱাশৰণীয়া হ'বলৈ বাধ্য হ'ল।

 বাপুসকলে আকৌ এটা নতুন ফন্দি উলিয়ালে। তেওঁলোকে জাক বুজাবলৈ ধৰিলে যে গুৰুৱেই হওক বা ভকতেই হওক, অসমত াস কৰা সকলোৱেই স্বৰ্গদেৱৰ প্ৰজা। ৰজা হৈ প্ৰজাৰ ওচৰত ৰণ ল'লে মান নাথাকে। সেই কাৰণে স্বৰ্গদেৱে অসমৰ বাহিৰৰ পৰা উপযুক্ত গুৰু আনি শৰণ লোৱা উচিত; তেতিয়াহে তেওঁৰ মান- ৰ্য্যাদা ৰক্ষা পৰিব। স্বৰ্গদেৱে প্ৰথমতে তেওঁলোকৰ কথাত কাণ নদিছিল, কিন্তু এওঁলোকৰ চেষ্টাত যেতিয়া আন আন বামুণৰ পৰাও সই আপত্তি উঠিল, তেতিয়া তেওঁ বাপুসকলৰ প্ৰস্তাবত সম্মত হ'ল ৰু তেওঁলোককেই এজন উপযুক্ত গুৰু বিচাৰি আনিবলৈ ভাৰ দলে

 ওপৰত কোৱা হৈছে যে অসমত থকা এই বঙালী বামুণৰ বংশধৰসকল মাজে-সময়ে তেওঁলোকৰ উপৰি পুৰুষৰ ঠাই শান্তিপুৰলৈ অহা-যাৱা কৰি আছিল। এতিয়াও তেওঁলোক গুৰু বিচাৰি শান্তি-