এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
গণ-বিপ্লৱ।


লগতে ইয়াকো দেখুৱালে যে এই গুৰুসকলে মদ-মাংস এৰিবলৈ বাধ্য কৰি মানুহবিলাকক নিশকতীয়া কৰি পেলাইছে। এনেকৈ চলি থাকিবৰ হ'লে বিদেশী শত্ৰুৰ লগত যুঁজ কৰিব পৰা মানুহ দেশত নোহোৱা হ'ব। বৈষ্ণৱ ধৰ্ম্ম অকামিলা মানুহৰ ধৰ্ম্ম, তাক গুচাই দেবীপূজা প্ৰবৰ্ত্তন কৰা উচিত। সেয়ে হলে মানুহৰো বল- শক্তি বাঢ়িব আৰু ৰণুৱাৰো অভাব নহয়। গদাধৰ বলী পুৰুষ, মদ- মাংস তেওঁৰ প্ৰধান আহাৰ, সেই কাৰণে বাপুসকলৰ কথা যে ঠিক তাত তেওঁৰ সন্দেহ নাথাকিল। আগৰ খঙৰ লগতে এতিয়া এইটো কাৰণো লগ লগাত তেওঁ তেতিয়াই বৈষ্ণৱ-নিৰ্য্যাতন আৰম্ভ কৰিলে। প্ৰথমতে কিছুমান মহন্তক টোকোলাই; চেউনীবছা আদি ঠাইলৈ আনি কামত লগালে, কিছুমানক নামৰূপলৈ নিৰ্বাসিত কৰি তাতে বধ কৰিলে। আউনি-আটীৰ বাপু কেশৱদেৱ পলাই গৈ চিংফৌ পৰ্ব্বতত সোমাল; দক্ষিণপটীয়া ৰাম বাপুক ধৰি আনি নাক কাটিলে আৰু চকু কাঢ়িলে। ভকতসকলকে শুদাই নেৰিলে; —কিছুমানৰ কাণ, কিছুমানৰ নাক আৰু কিছুমানৰ হাত-ভৰি কাটিলে; কিছুমানক জীয়াই জীয়াই তেলত ভাজিলে; কিছুমানৰ ওভোতাই ছাল চেলি য়ালে। যিসকলক জীয়াই ৰাখিলে তেওঁলোকক কুকুৰা, গাহৰি আৰু গৰুৰ মঙহ কটিয়াই খুৱালে। এই অত্যাচাৰৰ পৰা ৰক্ষা পালে একমাত্ৰ জখলাবন্ধাৰ গোসাঁই আৰু তেওঁৰ ভকতসকলে। এনেকৈ বৈষ্ণব-নিৰ্য্যাতনৰ লগে লগে ব্ৰাহ্মণসকলৰ উপদেশমতে শাক্ত- ধৰ্ম প্ৰচাৰৰ নিমিত্তেও গদাধৰে কিছু পৰিমাণে শক্তি নিয়োগ কৰিছিল আৰু কোনো কোনো ব্ৰাহ্মণক দেৱোত্তৰ মাটিও দান কৰিছিল। ৰজাৰ এইবোৰ কাৰ্য্যত বৈষ্ণববিদ্বেষী ব্ৰাহ্মণসকলৰ হিয়া আনন্দেৰে