পৃষ্ঠা:গণ-বিপ্লৱ.pdf/১১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৫
ভাগ্যফল

বিপৰীত দৃশ্য। ৰজাক সম্ভ্ৰম দেখুৱাই টাৰিমুৱা থিয় হৈ ৰ'ল। ৰমাকান্তই ক'লে,—“ভণ্ডাৰী বৰুৱা! আপোনাৰ বোধ কৰোঁ মনত আছে এসময়ত মই আপোনাৰ কন্যা লখিমীৰ প্ৰাৰ্থী আছিলোঁ। যি কাৰণেতেই হওক, তেতিয়া সি হৈ নুঠিল। মই কিন্তু সেই সঙ্কল্প এতিয়াও এৰা নাই। তাক কাৰ্য্যত পৰিণত কৰাত আপোনাৰ কিবা আপত্তি আছে নে?”

 টাৰিমুৱাই জানে তেওঁৰ আপত্তি থাকিলেও তেওঁ ৰজাৰ ইচ্ছাত বাধা দিব নোৱাৰে। তাৰ উপৰি এতিয়া আপত্তিৰো কোনো কাৰণ থাকিব নোৱাৰে, বৰং তেওঁৰ ছোৱালী ৰাজ-মহিষী হব, ই তেওঁৰ পক্ষে সৌভাগ্যৰ হে কথা। তেওঁ জনালে যে তেওঁৰ কোনো আপত্তি নাই।

 তেতিয়া বিয়াৰ আয়োজন ধুমধাম চলিল। নতুন ৰজাৰ বিয়া, সকলো আনিন্দত উৰুলীকৃত। বিপুল আয়োজন আৰু সমাৰোহৰ মাজত ৰমাকান্ত আৰু লখিমীৰ শুভ বিবাহ সম্পন্ন হ'ল। আমোদ উৎসৱ ভোজ-ভাত বহুত দিনলৈকে চলিল।

 ৰমাকান্ত আৰু লখিমীৰ বহুতদিনীয়া আশা পূৰ হ’ল; জ্যোতিষীৰ ভবিষ্যৎবাণীও সফল হ'ল।

 বিয়াৰ কিছুদিনৰ পাচত এদিন ৰমাকান্তই ধেমালি কৰি লখিমীক সুধিলে,—“সেই নৈ ঘাটৰ কথা মনত আছে নে?”

 লখিমী।—আছে।

 ৰমা।—আজি মই ৰজা নোহোৱা হ'লে সকলো মিছা হ'লহেতেন; তুমি কাৰবাৰ ভাগ্য-লক্ষ্মী হ’লাহেতেন।