এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
আগ কথা।


উৎসৱবিলাক দেখি মুগ্ধ হৈছিল। তেওঁ ঘূৰি অহাৰ পাচত সেই উৎসৱৰ কথা ৰজাক জনালে। উৎসৱৰ লোভনীয় বৰ্ণনা শুনি গড়- গাৱঁতো তেনে উৎসৱ পাতিবলৈ ৰজাই মন মেলিলে।

 উৎসৱ পালিত হল। আয়োজনৰ ভাৰ ওপৰত কোৱা বাপু সকলৰ ওপৰতেই পৰিল। ৰাজকীয় খৰচত তেওঁলোকে বঙ্গদেশৰ পৰা কাৰিকৰ, পুৰোহিত আদি আনি বৰ জাকজমককৈ উৎসৱ সমাধা কৰিলে।

 দুৰ্গোৎসৱ যদিও পতা হ'ল, তথাপি সি উৎসৱতেই ৰ'ল; ধৰ্ম্মৰ লগত তাৰ কোনো সম্পৰ্ক নাছিল। বাপুসকলে তাক ৰাজধৰ্ম্মত পৰিণত কৰিবলৈ উঠি-পৰি লাগিছিল, কিন্তু নোৱাৰিলে। ৰজা সম্মত নহ'ল। তথাপি তেওঁলোকে পুৰুষানুক্ৰমে তেওঁলোকৰ চেষ্টা চলাই থাকিল৷

 যেতিয়া লৰা ৰজাৰ ভয়ত ভেশ ছন কৰি গদাধৰ সিংহ পলাই ফুৰিছিল, তেতিয়া ৰাজদ্ৰোহী বুলি কোনো গোসাঁই-মহন্তই তেওঁক আশ্ৰয় নিদিছিল, বৰং পালে ধৰি দিবলৈহে শিচ-ভকতসকলক আদেশ দিছিল। একমাত্ৰ জখলাবন্ধাৰ গোসায়ে তেনে কৰা নাছিল। সেইবাবে গোসাঁই-মহন্ত সকলৰ ওপৰত গদাধৰৰ পেটে পেটে খং আছিল আৰু সুবিধা পালে তাৰ পোটক তুলিবলৈ মনতে পাঙি থৈছিল। গদাধৰ ৰজা হোৱাৰ পাচত তেওঁৰ মনৰ ভাবৰ গম পাই বাপুসকলে মহন্তসকলৰ বিৰুদ্ধে নানা কথা লগাবলৈ ধৰিলে। গোসাঁই-মহন্তসকলৰ শিষ্যৰ ওপৰত কেনে অপৰিসীম ক্ষমতা, তেওঁলোক লগ লাগিলে কেনেকৈ ৰাজশক্তিকো নগণ্য কৰি তুলিব পাৰে তাক ৰজাৰ মনত লাগি যোৱাকৈ তেওঁলোকে বৰ্ণনা কৰিলে।