পৃষ্ঠা:গণ-বিপ্লৱ.pdf/১০২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

একবিংশ অধ্যায়।
মৰাণৰ দিন।

 নগৰ অধিকাৰ কৰি ৰাঘৱে তেওঁৰ ক্ষমতাৰ পৰিচয় দিয়াত ব্যস্ত হ’ল; ডাঙৰীয়া আৰু বিষয়াসকলৰ ধন-বস্তু লুটি-পুটি সকলোৰে মনত আতঙ্কৰ সৃষ্টি কৰিলে। তেওঁৰ ইচ্ছামতেই সকলে৷ কাৰ্য্য় হ’ল; কাৰো কোনো পৰামৰ্শ তেওঁ গ্ৰাহ্য় নকৰিলে। এনেকৈয়ে সকলো কাম তেওঁৰ মনোমত হোৱাত ৰাঘৱে সেই দিনাৰ কাম শেষ কৰিলে।

 পিচ দিনা ৰজাৰ প্ৰশ্ন উঠিল। এই বিষয়ে মীমাংসা কৰিবলৈ ৰাঘৱ, নাহৰ, ৰমাকান্ত আৰু সপ্তভুজকে আদি কৰি মুখিয়াল লোকসকল আলোচনাত বহিল। ৰাঘৱ ক'লে,— “মোহনমালাক লগত লবলৈ মোৰ সমূলি ইচ্ছা নাছিল; তথাপি গুৰুৰ কথা মানিব লগাত পৰিলোঁ। এতিয়া আমি যুদ্ধ কৰি জয় লাভ কৰিলোঁ, কিন্তু তেওঁ ৰজা হৈ আমাক এৰি দি পুৰণি বিষয়াৰে সৈতেহে ৰাজ্য চলাব খোজে। তেওঁৰ প্ৰস্তাবত সম্মত হোৱা অসম্ভব কথা। অকল তেওঁক ৰজা পাতিবলৈকে জানো আমি যুদ্ধ কৰিছিলোঁ। সেই দেখি মই স্পষ্ট কথাৰে কৈ দিছোঁ যে তেওঁ ইচ্ছা কৰিলে ৰজা হ’ব পাৰে, কিন্তু শাসন চলিব আমাৰ ইচ্ছামতে।”

 নাহৰ।— তেওঁ গ’ল কলৈ?

 ৰাঘৱ!—ক'ব নোৱাৰোঁ। যিমান দূৰ বুজা যায় তেওঁ