এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৯৪
গণ-বিপ্লৱ


 ৰাঘৱ।—আপোনাৰ হৈছে নে নাই মই ক'ব নোৱাৰোঁ, কিন্তু আমাৰ ঢেৰ লাভ হৈছে। ইমান দিন আছিল অসমত আহোমৰ দিন, আজিৰ পৰা হ’ব মৰাণ-মটকৰ দিন।

 মোহন।—মোৰ লগত কৰা চুক্তি ক'লৈ গ'ল! স্বয়ং অষ্টভুজদেৱে মোক ৰজা পাতিম বুলি প্ৰতিশ্ৰুতি দিছিল। মই যোগ নিদিয়া হ'লে তোমালোকে ইমান সহজে জয়লাভ কৰিব পাৰিলাহেতেন নে?

 ৰাঘৱ।—পাৰোঁ নোবাৰোঁ সি বেলেগ কথা। কিন্তু প্ৰতিশ্ৰুতি ৰক্ষা কৰাত কোনেও আপত্তি কৰা নাই। আপুনি অবাধে সিংহাসনত বহিব পাৰে।

 মোহন।— কিন্তু তোমাৰ তলতীয়া হৈ ৰজা হোৱাৰ সাৰ্থকতা কত?

 ৰাঘৱ।—য’তে হওক, মই নাজানো। মোৰ ইচ্ছামতে মই কাম কৰিমেই। আপোনাক ৰাজপাট লাগে যদি লওক, নালাগিলে গুচি যাওক।

 মোহন।—আগেয়ে নামৰূপত বন্দী আছিলোঁ, এতিয়া কাৰেঙত বন্দী কৰিব খুজিছা। তেনে ৰাজপাট মোক নালাগে। তোমালোকৰ অন্যায় কাৰ্য্য়খিনিৰ দায়িত্ব লবলৈকে মই ৰজা হ'ম নে?

 ৰাঘব।—নহয়, গুচি যাওক। আৰু কথা নক'ব, নতুবা ফল বেয়া হ'ব।

 যদিও যুদ্ধত মোহনমালাক সৰ্ব্বাধিনায়ক পতা হৈছিল,