এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
গণ-বিপ্লৱ।

আহোপুৰুষাৰ্থ কৰিবলৈ ধৰিলে তাৰু বহুপৰিমাণে কৃতকাৰ্য্যও হ'ল। তাৰ ফলতেই নানা ঠাইত দৌল-দেৱালয় হ’বলৈ ধৰিলে আৰু বহুতো বামুণে বহ্মোত্তৰ নিষ্পিখেৰাজ আদি জমিদাৰী লাভ কৰিলে।

 বাপুসকলে তেওঁলোকৰ স্বাৰ্থসিদ্ধিৰ নানা উপায় উদ্ভাবন কৰি যাবলৈ ধৰিলে আৰু সেই মতেই ৰজাঘৰীয়া অনুগ্ৰহো ক্ৰমশঃ বাঢ়ি গ'ল। কিন্তু তেওঁলোকৰ এই চেষ্টাত বাধা জন্মালে মহাপুৰুষ শঙ্কৰদেৱৰ আবিৰ্ভাবে। মহাপুৰুষে পূজা-পাটল বাদ দি অকল হৰিনামকে মাথোন সাৰোগত কৰি ঈশ্বৰ উপাসনাৰ পদ্ধতি উলিওৱাত তাৰু ব্ৰাহ্মণ-শূদ্ৰ-নিৰ্ব্বিশেষে সকলো এক শৰণ ধৰ্ম্মলৈ ঢাল লোৱাত ওপৰত কোৱা বাপুসকলৰ চকুত টোপনি নোহোৱা হ'ল। তেওঁলোকে বহুতো বামুণক ফুচুলাই তেওঁলোকৰ দললৈ নি শঙ্কৰদেৱৰ বিৰুদ্ধে চুচেন্‌ফা স্বৰ্গদেৱৰ ওচৰত গোচৰ দিলে। কিন্তু তেওঁলোকৰ উদ্দেশ্য সফল নহ’ল, বিচাৰত শঙ্কৰদেৱৰ জয় হ'ল।

 এই বাপুসকল অকল ধৰ্ম্মমতৰ কাৰণে শঙ্কৰদেৱৰ বিৰুদ্ধে লগা নাছিল। তেওঁলোকৰ আচল লক্ষ্য আছিল ধৰ্ম্মৰ নামত জমিদাৰী কৰা। শঙ্কৰদেৱৰ ধৰ্ম্ম চলি গ'লে যে তেওঁলোকৰ জীবিকাত হাত পৰিব আৰু শূদ্ৰক আগৰ দৰে গোলামৰ নিচিনাকৈ চলাব নোৱাৰিব এয়ে আছিল তেওঁলোকৰ অচল ভয়। সেই কাৰণে বিচাৰত হাৰিও তেওঁলোকে আওপকীয়া চেষ্টা এৰা নাছিল।

 চুখাম্‌ফা স্বৰ্গদেৱৰ দিনত তেওঁৰ ভায়েক চুগাম কোৱঁৰ কোচবেহাৰত আহোম ৰজাৰ প্ৰতিভূ স্বৰূপে থাকিব লগা হৈছিল। তেওঁ তাত থাকোঁতে দুৰ্গাপূজা দেখা পাইছিল আৰু লগৰীয়া আমোদ-