পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কেন্দ্ৰ-সভা।

প্ৰথম অধিবেশন।

 ইংৰাজী শিক্ষাৰ পোহৰ পোৱা, বিশ্ববিদ্যালয়ৰ দীক্ষা পোৱা, নকৈ উঠি অহা অসমীয়া ডেকাবিলাকে বিবেচনা কৰে যে অসমৰ বুঢ়া শ্ৰেণীৰ মানুহবিলাকে দেশৰ ফালে বা ভাষাৰ ফালে অলপো চকুমেলি নাচায়। অসম আৰু অসমীয়া ভাষাৰ ইহকাল, পৰকাল ডেকাবিলাকৰ হাতত সমৰ্পণ কৰি বুঢ়া- বিলাকে কেৱল দবা পাষটি লৈ, ৰং ধেমালি কৰি দিন কটায়। এই বিবেচনা ভুল। কিয়নো, সম্প্ৰতি হোৱা ঘটনালৈ চালে বুঢ়াবিলাকে যে কেৱল পাষটি ঘুৰাই, “পোৱা-বাৰ” মাৰি দিন নিয়াবলৈ লাগিছে এনে বোধ নহয়। তেওঁলোকেও দেশৰ আৰু দেশী ভাষাৰ অৱস্থা উন্নত কৰিবলৈ কঁকালত টঙ্গালি বান্ধি কান্ধ পাতিছে। আজি ১০/১২ বছৰৰ ভিতৰত আসামৰ নগৰে নগৰে অসমীয়া ভাষাৰ উন্নতি কৰিবলৈ “অসমীয়া ভাষাৰ উন্নতিসাধিনী” নামেৰে অনেক সভা থাপিত হৈছে। আৰু সেই সভা বিলাকত অসম আৰু অসমীয়া ভাষাৰ ভাল বেয়া, উন্নতি অৱনতি, সমস্ত বিষয়ৰ আন্দোলন হবলৈ লাগিছে, তাকে দেখি কেই জন মান প্ৰাচীন অসমীয়া ডাঙৰীয়াই গোট খাই আৰু এটি সভা স্থাপন কৰিছে। তাৰ নাম থৈছে “কেন্দ্ৰসভা”। যোৱা মাহত এই সভাৰ প্ৰথম অধি-