পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/৭৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

স্বৰ সন্ধি বৰ টান স্বজন পালন।
গৃহস্থালি ৰক্ষা আৰু ধন উপাৰ্জ্জন॥
যদি সুকলমে স্বৰসন্ধি পাৰ হলা।
তেনে হলে,বাৰ পাঁচ ‘দাওঁ' মাৰি দিলা॥
তেহেলৈ ভাৱনা নাই ব্যঞ্জনৰ ফালে।
খাহি-পহু হাহ-পাৰ গিলা হালে হালে॥
সন্ধিৰ সিফালে আছে আধ্যা কাৰকৰ।
জীৱনৰ কেন্দ্ৰ আৰু তত্ত্ব সংসাৰৰ।
যদি ভক্তিযোগ কৰি শিকা সেই খিনি।
তেনেহলে সংসাৰত হবা ধনী মানী॥
নাইবা বিভক্তি লাগি মিলাব আপালি।
লাং লাং থাং থাং হব গৃহস্থালি।
তেতিয়া কৰিবা কৰ্ম্ম কৰ্ত্তা নাম ধৰি।
খাস্তাং কনিবা ঘৰ অপকৰ্ম্ম কৰি॥
হয় অধিকৰণেৰে হবা আঢ্যৱন্ত।
কিম্বা অপাদান কৰি হবা সৰ্ববস্বান্ত॥
কাৰকৰ ভিতৰত সম্বন্ধটো টান।
জোঁৱাই বিচাৰি লোকে হেৰুৱাই মান।।
বিয়ৈ বিয়নী দুয়ো হৈ কৰণীয়া।
সৰ্বস্ব নিদিলে জীক নকৰায় বিয়া।
শেষত অপাত্ৰ ধৰে সুপাত্ৰ নেপাই।
কৰে কন্যা সম্প্ৰদান কৰি হাঁয় হাঁয়॥