পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/৬১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৫৫ ]


মৰিলেও প্ৰাণী জীৱন্মুক্ত হব। কিহ এই বুঢ়ীৰ মন্ত্ৰণাত পৰি ব্যাসদেৱে তেওঁৰ হাবিয়াসৰ বাৰাণসী নিজে গঢ়ি নিজে সংহৰিলে। যি বাৰাণসীত প্ৰাণ এৰিলে মনুষ্যৰ পুনৰ্জন্ম নহলহেঁতেন, সেই বাৰাণসী এতিয়া অৰণ্যময়। তাত মনুষ্য বাস নকৰে। তাত মৰিলে গাধৰ পেটত জন্ম পাব লাগে বুলি প্ৰবাদ আছে। বুঢ়ীৰ চক্ৰত পৰি ব্যাসদেৱে নিজে গঢ়া বাৰাণসীক সেই মৰ্ম্মে শাপ দিছিল। পুৰাণত কয় যে স্বামীৰ গৌৰৱ ৰক্ষা কৰিবলৈ স্বয়ং ভগৱতীয়েই বুঢ়ীৰূপ ধৰিছিল, হব পাৰে! কিন্তু ইয়াত আমাৰ কথা এই যে সৰ্বশক্তিমতী ভগৱতীয়েও বুঢ়ী হৈহে কথাত জিকিব পাৰিছিল। এতেকে ইয়াকো বুঢ়ীৰ খ্যাতি বুলি হে ধৰিব লাগে।

 কলিযুগত অৱশ্যে তেনেকুৱা উজ্বল খ্যাতিৰ বুঢ়ী ওলোৱা নাই, কিন্তু সেই বুলি আজিকালিও বুঢ়ীক একেবাৰে উলাই ইতিকিং কৰি উৰাব নোৱাৰি। বুঢ়ী নহলে কবি মণ্ডলিৰ হাহাকাৰ, আৰু নাট উপন্যাস নিৰস হয়। নায়িকাৰ বাতৰি নায়কক কবলৈ কোঁৱৰৰ সন্দেশ কুঁৱৰীক দিবলৈ বুঢ়ীৰ নিচিনা ৰঞ্জিত লোক নাই। সেই দেখি নাট নাটিকাত মালিনী বুঢ়ী গোৱালনী বুঢ়ী অলেখ পোৱা যায়। পুথি এৰি সমাজত ধৰিলেও বুঢ়ীৰ প্ৰয়োজন বহুত আছে। বুঢ়ী নহলে গাঁও নচলে। কুটনী বুঢ়ীৰ অবিহনে ধৈয়াল ডেকা নিগমে মৰে। নাম পাতিলে নাম লগাতী বুঢ়ী, আৰু বিয়া পাতিলে কুলাবুঢ়ী সদায় গাৱঁত প্ৰয়োজন হয়।