পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/৪৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৩৬ ]


এবাৰ ভাবি চাওক। এই সম্বন্ধে আমাৰ আৰ্হি নন্দ আৰু যোশোদা। ( চাপৰি ) তেওঁলোকৰ তনয় শ্ৰীকৃষ্ণক তেওঁলোকে যি প্ৰণালীত ডাঙ্গৰ কৰিছিল আমিও আমাৰ ল'ৰাক সেই প্ৰণালীত ডাঙ্গৰ কৰোঁ। কৃষ্ণই মাটি খাইছিল, আৰু ধূলিত বাগৰিছিল, সেই দেখি আমাৰ ল'ৰাকো খামোচে খামোচে মাটি খাবলৈ আৰু গেৰেকণিত লেটি লবলৈ এৰি দিওঁ। ( চাপৰি ) ল'ৰালৈ আমাৰ বৰ মৰম, কেনেবাকৈ ভোকত দুখ পাই বুলি আমি চিন্তি পাৰ নাপাওঁ। ল'ৰাইতো এবাৰ অকলৈ খায়েই তদুপৰি বায়েকৰ লগত এগৰাহ. পেহীয়েকৰ লগত এগৰাহ আৰু মাকৰ লগত এগৰাহ খাবলৈ পায়।। এই দৰে খাওঁতে খাওঁতে ল'ৰাতো স্বভাৱতে এটা ক্ষুদ্ৰ ৰাক্ষস হয়েই, ইফালে শ্ৰীটিও বিতোপনহৈ পৰে, পেটটি ডাঙ্গৰ, ডিঙিটি চিঞা, আৰু হাত ভৰিৰ গাঠি কেইটাই সাৰ হয়। ইয়াৰ ওপৰঞ্চিও পেটত কোৰ সঁজীয়া জ্বৰ খাপৰিয়ে বাহ লয়। ( চাপৰি ) একোটা ল'ৰা দেখিলে তাক মানুহৰ ল'ৰা বুলিব নোৱাৰি সাক্ষ্য পিশাচ টো জানিব। গাত সাতবৰণীয়া চেকা লগা কাপোৰ, ডিঙ্গিত টাটৰি, পিঠিত একাঙ্গুলীয়া ওখল; মূৰৰ মলি স্বভাৱতে চটা বান্ধি এৰি নগলে এৰুৱাই দিওঁতা নাই। নাকত শেঙ্গুনৰ টেপা, কোৱাৰিত লালাউটিৰ ৰেখা, বুকুত গাখীৰ কলৰ প্ৰলেপ সততে ল'ৰাৰ নুগুচে। ( চাপৰি ) পানীৰে সৈতে ল'ৰাৰ কেতিয়াবা কাচিত হে দেখা সাক্ষাৎ হয়। ইয়াৰ বাজেও ভূত পিশাচক ভয় দেখুৱাবলৈ ডিঙ্গিত, বাউসিত, কাণত, কঁকালত জৰীৰ বোজা। এই জৰীত যে কিমান কালৰ শেঙ্গুন, খেকাৰ, ঘাম,