পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তৃতীয় অধিবেশন।

বিষয়—অসমত স্ত্ৰী-শিক্ষা।

 অসম দেশত সময়ে সময়ে অনেক সভাসমিতি হয়, কিন্তু তাত ডাঙ্গৰ ডাঙ্গৰ ৰাজনৈতিক কথাৰ আলোচনা কৰে। আমি হোজা মানুহ সেইবিলাক কথাৰ বৰকৈ তত্ত্ব নাপাওঁ, সেই দেখি সেই বিলাক সভাতো ৰস নাপাওঁ। কেন্দ্ৰসভা প্ৰথমে পাতোতে আমি ভাবিছিলোঁঁ যে তাতো তেনেকুৱা কথাৰেহে আলোচনা হব। কিন্তু যোৱা বাৰৰ অধিবেশন দেখি আমাৰ মনৰ পৰা সেই ভ্ৰম দূৰ হৈছে। ইয়াত তেনেকুৱা বুজিব নোৱাৰা কথা নোলায়, আমাৰ ঘৰুৱা কথাৰেই আলোচনা হয়॥ কেন্দ্ৰ সভাৰ সভ্য সকল বয়সত প্ৰাচীন হলেও, স্বভাৱত ডেকাৰ নিচিনা। তেওঁ-লোকে অসমীয়া বুঢ়াৰ নিচিনা আগৰ সকলোকে ভাল বোলা মানুহ নহয়, আৰু তেওঁলোকে ঘৰৰ বেয়া উলিয়াবলৈকো বেয়া নাপায়। তেওঁলোকে যি বিলাক কথাৰ আলোচনা কৰে সেই বিলাক আমাৰ সমাজৰ মলি, সেই মলি ধুই সমাজ নিকা নকৰিলে আমি সদায় মলিয়ন হৈ থাকিম, তাৰ কোনো ভুল নাই। এই বাৰৰ বিষয় স্ত্ৰী-শিক্ষা। ই অতি পুৰণি,হাজাৰ বাৰ ৰটা খচা কৰা কথা। তেওঁঁ সিবাৰৰ উদাহৰণলৈ চাই ইয়াতো কিবা ৰসাল কথা ওলাব বুলি আশা কৰি আমি সভাচাবলৈ গৈছিলোঁ। সভাৰ সভ্য সকল গোট খালত সভাপতি ডাঙ্গৰীয়াই সভা লগাই