পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ১০ ]

মান দিন চকু মুদি সহি থাকে। নিজৰ দুখৰ কথা মাকৰ আগত কয়, কিন্তু মাক বাপেকৰ মুখ বন্ধ। কাৰণ, ছোৱালীৰ ওজৰ ৰাওমুঈৰ কাণত পৰিলে এগুণ ৰাও দুগুণ হব। (সজ সজ শব্দ) সেই দেখি ছোৱালীক বুজাই বঢ়াই নিচুকাই থয়। শহুৰ দেউইতা দেউতা মানুহ, মাইকীৰ শাক পাত খোৱা কথাত কাণ নিদিয়ে, বিশেষতঃ তেওঁ ৰাজ ভগনৰ হেন্দোল দোপনিত থাকে সেই দেখি তেনে কথাত কাণ দিবলৈ সময়ো নাপায়া, গিৰিয়েকে শুনিলেও লাজত কাকো মুখ ফালি নকয়। পাচত সহনিৰ শেধ পৰিলে, বোৱাৰীয়ে নিজৰ মুখৰ অগ্নি নিজে নুমাবলৈ কাৰবাৰ কৰে। (চাপৰি) প্ৰথমে বেটীৰ সৈতে বিৰোধা-বিৰোধি, পাচত ননদেৰে সৈতে ঠেহেৰা-ঠেহেৰি, ওফন্দা-ওফন্দি (চাপৰি), শেষত শাহু আইৰ গেজেৰাও নসহা হয়। এই দৰে প্ৰথমে ৰাওমুঈ শাহুৱে নিমাতী বোৱাৰীৰ মাত উলিয়ায়। পাচত এবাৰ ভেদ ভাগিলে শাহু বোৱাৰীৰ চুলিয়াচুলি লাগে। আগৰ পৰা যদি শাহুৱে বোৱাৰীক নিজৰ জীৰ নিচিনা মৰম কৰে, পেট বুজি খুৱায়, গা বুজি পিন্ধায়, আৰু শক্তি বুজি কাম কৰায়, যদি নিজে মিঠা মুখে মাতে, বান্দী বেটীক টান কথা কবলৈ লাই নিদিয়ে, তেনে হলে বোৱাৰী শাহুৰ সোঁ হাত, গৃহস্থালিৰ লক্ষ্মীসৰূপ হয়। আপোন ভালে জগত ভাল, শাহু ভালে বোৱাৰী ভাল। ' (চাপৰি)

 বক্তৃতা শেষ কৰি ফুকন বহিলত সভাপতি ডাঙ্গৰীয়াই উঠি কলে- “ডাঙ্গৰীয়া সকল! আপোনালোকে ফুকন ডাঙ্গৰীয়াৰ বক্তৃতা শুনিলে, এতিয়া তেখেতৰ কোৱা কথাৰ ওপৰত কাৰবাৰ