পৃষ্ঠা:কীচক বধ (Kichak badh).pdf/8

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কামতেই অলপো খুঁত নাই। মানুহে যেই সেই বিষয়কে ইমান ভালকৈ শিকিব পাৰে কেনেকৈ মই ক'ব নোৱাৰোঁ। মই হ’লে নোৱাৰোঁ।
[দ্ৰৌপদীয়ে চৰ্পত এগিলাচ আনি কীচকৰ আগত থৈ পিচ হুহঁকি যায়। কীচকে গিলাচটো দাঙি এঢোকা মাৰিয়েই ৰয় আৰু ডাঙৰকৈ চকু মেলি দ্ৰৌপদীলৈ চায়।]
কীচক – ইমান বঢ়িয়া চৰ্পত মই জীৱনতে খোৱা নাই। কোনে তৈয়াৰ কৰিছিল ? ( বাকীখিনিও খাই শেষ কৰি উৰ্ম্মালেৰে মুখ মচে। )
সুদেষ্ণা – আৰু কোনে কৰিব। সৈৰিন্ধীয়ে।
কীচক – কেনেকৈ কৰে আমিও শিকিব হে লাগিব। মই এতিয়া যাওঁ। পিচে এটা কথা – মোক এনে চৰ্পত আৰু এটেকেলি লাগে, আজিয়েই – এতিয়াই।
সুদেষ্ণা – বাৰু, মই পঠিয়াই দিম।
কীচক – কাৰ হাতত ?
সুদেষ্ণা – কিয়, পঠিয়াবলৈ মানুহৰ আকাল লগিছে নে !
কীচক — যাৰে তাৰে হাতত পঠিয়ালে নহব। এনে বঢ়িয়া চৰ্পত পাই যদি বাটতে খাই নৰ্দ্দমাৰ পানী ভৰাই লৈ যায়।
সুদেষ্ণা – খাওঁতে গম নাপাবা জানো ?