পৃষ্ঠা:কীচক বধ (Kichak badh).pdf/6

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সুদেষ্ণা। — তই একে দিনাই পৰীক্ষা দিব পাৰিবি নে ?
উত্তৰা — কিয় নোৱাৰিম। ওস্তাদে শিকা নহয় মানে এৰিয়েই নিদিয়ে।
সুদেষ্ণা — বাৰু সি নো কেনে নাচ আমাকো দেখুৱাঁচোন।
উত্তৰা। — পলম হ'ব হবলা !
সুদেষ্ণা। — নহয় পলম। আমাৰ সৈৰিন্ধ্ৰীয়েও ভাল নাচ জানে। নাচ ভাল হৈছে নে নাই তেৱেঁই ক’ব পাৰিব।
                  [উত্তৰাই গীত গাই নাচে ]

গীত

লেউ সেউ বাহু মেলি       বিৰিখক আকোঁৱালি
মলয়াত ঢৌ খেলি উঠে লতিকা।
কঁকাল ঘূৰে উলাহত,        আঁচল উৰে আলাসত,
দেখা দিয়ে পুলক ভৰা কোমল কলিকা।
বিৰিখ নাচে হালি জালি        প্ৰেমৰ সুৰভি ঢালি,
আবেগত উঠে কঁপি কুসুম-মালিকা।
চকুত লাজ, ওঠত হাঁহি,        খোপাত মেলে ফুলৰ পাহি,

তৰুৰ বুকুত মিলাই বুকু শোৱে লতিকা।

উত্তৰা। — বহুত পলম হ'ল। আৰু নাচিব নোৱাৰোঁ।
                  [ প্ৰস্থান]
দ্ৰৌপদী — বৰ বঢ়িয়া নাচ।