মূল মেনু খোলক

পৃষ্ঠা:কীচক বধ (Kichak badh).pdf/34

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে




কি ! টোপনি গ’ল নে কি? সুন্দৰী! মই আহিছোঁ।
        ( মুখৰ পৰা কাপোৰ গুচাব খোজে, কিন্তু নোৱাৰে। )
মুখখন এনেকৈ ঢাকিছা কিয় ? অভিমান কৰিছা !
        [ ভৰিৰ ওচৰত বহি পিটিকিবলৈ ধৰে। ]
মানিনি! মান এৰাঁ। কাবৌ কৰিছোঁ এবাৰ চকু মেলি চোৱাঁ। —কি! নোচোৱা! কালি মই অন্যায় কৰিছিলোঁ, অপৰাধ কৰিছিলোঁ। তাক তুমি ক্ষমা কৰিব পৰা নাই? বাৰু তেন্তে মোৰ দোষৰ জোখাই শাস্তি দিয়াঁ। এইয়া মূৰ পাতি দিছোঁ, তুমিও মোক পদাঘাত কৰাঁ।
         [ ভীমে সোঁ ভৰিটো উলিয়াই গোৰ মাৰে, কীচক উফৰি পৰে। তাৰ পাচত দুয়ো হাতে মূৰটো ধৰি কঁপি কঁপি উঠে। ]
উস্! মূৰ ঘূৰি গ'ল, গোটেই গা কঁপি গৈছে। এই মূৰে কত গদাৰ কোব সহিছে, কত শিলৰ, কত শালগছৰ আঘাত সহ্য কৰিছে, কেতিয়াও তো এনে হোৱা নাছিল। তিৰুতাৰ ফুল যেন কোমল ভৰিৰ ইমান শক্তি নে ?
         [ দুয়োহাতে মূৰটো ধৰি থিয় হয়। এনেতে জাপৰ কাপোৰ পেলাই ভীম জাপ মাৰি উঠি কীচকৰ আগলৈ আহে। ]