পৃষ্ঠা:কীচক বধ (Kichak badh).pdf/30

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তৃতীয় অঙ্ক।


প্ৰথম দৃশ্য।

বিৰাট ৰজাৰ ফুলনি।

দ্ৰৌপদীয়ে হাতত কৰণি লৈ ফুল তুলি ফুৰে। এনেতে নিলগত কীচকৰ প্ৰবেশ।
কীচক।—কি সুন্দৰ ! যেন ফুল-কুঁৱৰীয়েহে ফুলৰ মাজত উমলি ফুৰিছে ! কালি পলাইছিল ; আজি আৰু ক’লৈ সাৰিব ! ( অলপ পৰ চাই থাকি ) মোক দেখা নাই। চক নুখুৱাওঁ। লুকাই লুকাই তেওঁৰ গঢ়-গতিটোকে চাওঁ।
             [জোপা এটাৰ আঁৰলৈ গৈ চাই থাকে। ]
দ্ৰৌপদী।—(ফুল তুলি তুলি) দিনৌ নিজ হাতে ফুল তুলি একোধাৰ মালা গাঁথি ৰাণীক পিন্ধাব লাগে। এনেকৈ পৰৰ দাসী হৈ আৰু কিমান দিন থাকিম।
কীচক।—( ঘপ কৰে আগত ওলাই ) আৰু এদিনো থাকিব নালাগে। পৰৰ লিগিৰী হ’বলৈ বিধাতাই তোমাক ইমান ৰূপৱতী কৰি স্ৰজা নাই। তুমি আহাঁ, কীচকৰ ঘৰ শুৱনি কৰাঁ, ৰাণীৰ ওপ-