পৃষ্ঠা:কীচক বধ (Kichak badh).pdf/29

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মোক অপমান কৰিব। মোৰ এই জীৱনৰ সকাম কি !
                                          [ চকু-লো টোকে। ]
ভীম। —তাৰ ইমান সাহ ! তুমি ইয়াতে থাকাঁ। মই তাক কাণত ধৰি লৈ আহোঁ। আজি তাক ইয়াতে ঠেকেচি ঠেকেচি মাৰিম।
                   [ যাব খোজে। ]
দ্ৰৌপদী। —নাযাবা, নাযাবা। কি কৰিব খুজিছা তুমি। তেনে কৰিলে সকলো কথা প্ৰকাশ হৈ পৰিব। অজ্ঞাত বাসৰ আৰু এমাহ মানহে থাকিব পায়। মূৰামূৰি সময়ত সকলো নষ্ট নকৰিবা।
ভীম। —খঙৰ বেগত মই সেই কথা পাহৰিয়েই গৈছিলোঁ। তেন্তে কি কৰা যায়। ( অলপ ভাবি ) ঠিক বুধি ওলাইছে। ( দ্ৰৌপদীৰ কাণত ফুচফুচায় ) এইটোৱেই একমাত্ৰ উপায়। তুমি এতিয়া যোৱাঁ। কালিলৈ তুমি ঠিক মই কোৱাৰ দৰে কাম কৰিবা। তাৰ পাচত তাৰ গতি লগাম।
দ্ৰৌপদী। —বাৰু, সেয়ে হ’ব। তুমি কিন্ত সাৱধান হৈ চলিবা। তুমি বুলি যেন কোনেও গম নাপায়।
                                                 [ প্ৰস্থান ]
ভীম। —গাৰ কুটকুটনি এই বাৰ মাৰিব পাৰিম। এই বাৰ ভালকৈয়ে অলপ কছৰৎ হ’ব। বঢ়িয়া হব
                     [ বুকত চপৰিয়ায়। ]

দ্বিতীয় অঙ্ক শেষ।