পৃষ্ঠা:কীচক বধ (Kichak badh).pdf/20

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এই ঠিক, আপোনাৰ গুটি কাটিলোঁ। এইবাৰ নিশ্চয় মোৰ জিত।
                    [ গুটি বুলায় ]
যুধিষ্ঠিৰ –এতিয়াও সময় আছে। আপোনাৰ গুটি যদি এইবাৰেই কটা যায় !
                                   [ ঢাল মাৰে। ]
                    [ দ্ৰৌপদীৰ প্ৰবেশ। ]
দ্ৰৌপদী—ৰক্ষা কৰক মহাৰাজ ! ৰক্ষা কৰক !
যুধি। —কি ! কি হৈছে ?
দ্ৰৌপদী। —মোক কীচকে খেদি আনিছে। ৰক্ষা কৰক।
বিৰাট। —বাৰু, বাৰু। (যুধিষ্ঠিৰক ) গুটি বুলাওক।
যুধি। --গোচৰটোৰ এটা মীমাংসা কৰক।
বিৰাট। —নিশ্চয় কৰিম। এতিয়া গোচৰ সুধিবৰ সময় নহয়, খেলাৰ সময়। কোনটো গুটি বুলাব ? এইটো নহয় নে ? [ নিজে গুটি বুলাই দি ঢাল মাৰে ]
দ্ৰৌপদী। -সৌৱা সি ইয়ালৈকে আহিছে। মোক ৰক্ষা কৰক মহাৰাজ।
বিৰাট। —ওঁ, ৰক্ষা কৰিম। ভয় নাই। এইবাৰ পোৱা বাৰ। [ গুটি বুলাই ] মোৰ এইটো গুটি উঠিল।
                   [ কীচকৰ প্ৰবেশ ]
কীচক। —মোৰ ওপৰত গোচৰ দিবলৈ আহিছ ! চাওঁচোন তোক কোনে ৰক্ষা কৰে। [ দ্ৰৌপদীৰ চুলিত থাপ