পৃষ্ঠা:কীচক বধ (Kichak badh).pdf/19

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰমাণ পাম।
তৃ, গ৷ —মোৰ হলে সঁচা যেনেই লাগিছে ।
                         [ প্রথম গৰখীয়াৰ পুনঃ প্রবেশ । ]
প্র, গ৷ —সৰ্ব্বনাশ! ভাল ভাল গাই, দমৰা এটাও নাই ।
দ্ধি, গ।—এটাও নাই ! কলৈ গ’ল ?
তৃ, গ -ই তেনেহলে আমাক ঠগিলে। ই আমাক ইফালে ফুচুলাই ৰাখিলে, সিফালে তাৰ লগৰবিলাকে গৰুবোৰ লৈ গ’ল ?
প্র, গ।—ই কথাই কথা নহয়। এতিয়াই মহাৰাজক জনাব লাগে। পালেগৈ বা কিমানখিনি ।
তৃ, গ।—এৰা ব’ল ব’ল । [ তিনিওৰে প্রস্থান]

দ্বিতীয় দৃশ্য।


                      বিৰাটৰ ভিতৰ চ’ৰা ।
             [ এখন সতৰঞ্চিত পাশাখেলৰ বৰ কটা। তাৰ দুকাষে বিৰাট আৰু কঙ্ক-নামধাৰী যুধিষ্ঠিৰ পাশা খেলত মগ্ন । ]
বিৰাট । —এইবাৰ নিশ্চয় আপোনাৰ গুটি কাটিম । কিমান লাগে ? ( ঘৰ লেখি ) এক, দুই, তিনি, চাৰি, পাচ, ছয়, সাত, আঠ, ন, দহ । ছয় চাৰি মাৰিব লাগে।
                       [ ঢাল মাৰে । ]