পৃষ্ঠা:কীচক বধ (Kichak badh).pdf/18

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নাম।

লাঙোৰ পাঙোৰ, ভাল ভাল চাই সাঙোৰ।

পদ।
একোৰাশিঙীয়া   নাসাঙুৰিবি  লতাত লাগি যাব।
ব-ছিগা নাসাঙুৰিবি মাখি ভেনভেনাব।
ডাঙৰ যাঁৰ নাসাঙুৰিবি বাটত হুকুৰি যাব।
বাঘচাপৰীয়া নাসাঙুৰিবি বন-ৰজাই খাব ।
ভীমটোকা নাসাঙুৰিবি পলাব এৰি জাক।
তালযুৰীয়া নাসাঙুৰিবি খাবলৈ নাপাৰি ভাত।
বুঢ়া-ঠেৰা নাসাঙুৰিবি ছালখনহে পাবি।
চালিশিঙীয়া নাসাঙুৰিবি চকু ফুটিব চাবি।
লাওমুৰা নাসাঙুৰিবি যুঁজত মেলিব চুটি।
টকানেজা নাসাঙুৰিবি সেইটো গৰীয়াগুটি।
পলম কৰি নাথাকিবি খৰ খেদাকৈ ব’ল।
ইমানতে গৰখীয়া নামৰ এক আধ্যা গ’ল।
ঔ ৰাম জয় হৰি।

মানুহ৷– তোমালোকে গায়েই থাকিবা। নহলে কেনেবাকৈ পাহৰিবা। এতিয়া মই যাওঁ।

[ প্ৰস্থান ]

প্ৰ, গ৷ –গৰুবোৰ ঠিক ঠাইতে আছে নে চাই আহোঁ।

[ প্ৰস্থান ]

দ্বি, গ৷ –চাগৈ। এতিয়াই তেওঁৰ কথাৰ সঁচা-মিছা