মূল মেনু খোলক

পৃষ্ঠা:কীচক বধ (Kichak badh).pdf/16

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


তৃ, গ —দেখাদেখিকৈ কোনো নাহে সঁচা, পিচে সৰুসুৰা চোৰে গম নোপোৱাকৈ তুই এটা সৰকালে ধৰাই টান। লাখ লাখ গৰুৰ ভিতৰত দুই এটাৰ কি হিচাব উলিয়াবা! আমাৰটো পালতে কিজানি এহেজাৰ মান হ’ব।
            (এটা মানুহৰ প্ৰৱেশ। তাৰ মূৰত পাগ, কান্ধত জোলোঙা। )
মানুহ। —কি কৰিছা লৰাহঁত ?
গ, গ —আমি গৰু ৰাখিছোঁ।
মানুহ —পনীয়াল গুটি খাব ? সে বাটৰ দাঁতিতে পাই ছিঙি আনিলোঁ। পিচে মোৰ ঘৰত লৰা ছোৱালী নাই ; নি নো কি কৰিম ! সেই দেখি বোলে। গৰখীয়া লৰাহঁতকে দি যাওঁ, ধৰ্ম্ম হ’ব। খাবা নে ?
দ্বি, গ —কিয় নাখাম !
তৃ, গ —আমি হাবিত বিচাৰি হে ফুৰোঁ ; হাততে পাই নাখাম নে আৰু ?
মানুহ —খোৱাঁ তেন্তে।
            ( জোলোঙাৰ পৰা পনীয়াল উলিয়াই ভাগকৈ দিয়ে। লৰাহঁতে পকাই পকাই থায়।]
মানুহ —এই ৰ'দত গৰু আগচি ফুৰোতে তোমালোকৰ ভাগৰ নালাগে নে ?
প্ৰ, গ —লাগে। লাগিলে নো কি কৰিম !
মানুহ। —মই এতিয়াই খেদি ফুৰিব নলগা কৰি দিব পাৰোঁ।