মূল মেনু খোলক

ৱিকিউৎস β

পৃষ্ঠা:কীচক বধ (Kichak badh).pdf/12

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে




তালত ঘূৰে তাকেই বা কোনে জানে!
                          ( কীচকৰ প্ৰবেশ )
কীচক –আজি বহুত পলম হ'ল, বেগাই খানা আন।
          (বাবুৰ্চি ওলাই যায়। কীচকে কোট আৰু পাগুৰি হাকোটাত ওলোমাই থৈ হাত-মুখ ধোৱে আৰু গামোচাৰে মচে। ইয়াৰ ভিতৰতে বাৰ্বুচিয়ে খানা, চামুচ, কাটা, কটাৰী, মাখন, পনীৰ আদি আনি মেজত থয়। ক্ৰুৱেট ষ্টেণ্ড এডালো আনে। কীচকে খাবলৈ ধৰে আৰু বটলৰ পৰা কিবাকিবি খানাৰ ওপৰত ছটিয়াই লয়। বাবুৰ্চি ওচৰতে থাকে আৰু কীচকৰ ইঙ্গিত মতে মাজে মাজে গিলাচত ফটিকা ঢালি দিয়ে। এজনী লিগিৰীয়ে তাল পাতৰ ডাঙৰ বিচনী এখনেৰে বিচি থাকে। খোৱা শেষ হোৱাৰ লগে লগে লগুৱা এটা আহি থাল-বাটিবোৰ লৈ যায়। কীচকে চিগাৰ এটা লগাই টানে।
          এনেতে তামৰ টেকেলি এটা লৈ দ্ৰৌপদীৰ প্ৰবেশ। লাহে লাহে আগবাঢ়ি টেকেলিটো মেজত থৈ হুহঁকি আহে। কীচকে নিজে উঠি দুগিলাচমান খায়।)
দ্ৰৌপদী। —মই এতিয়া যাওঁ।
কীচক। —কলৈ ? তোমাক আহিবলৈ কোৱা হৈছিল, ঘূৰি যোৱাৰ কোনো কথা নাছিল।
দ্ৰৌপদী। —( নিমাতে যাব খোজে। )
কীচক। -তুমি যাব নোৱাৰা। এই টেকেলি ঢুকালে আকে কৰি দিব কোনে ? তুমি মোৰ লগতে