পৃষ্ঠা:কীচক বধ (Kichak badh).pdf/11

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আজিয়েই মই সিহঁতৰ লাইচেঞ্চ কেন্‌চেল কৰিম৷
সুদেষ্ণা — এই অলঙ্কাৰবোৰো ভাল নহয়৷ সৈৰিন্ধীক কেইটামান গন্ধৰ্ব্ব লোকৰ ভাল ডিজাইন দিবলৈ কৈছোঁ৷ সেই মতে গঢ়াই দিব লাগিব৷
বিৰাট — সেইটো নো কি কথা! ডিজাইন পালে যি কোনো সোণৰিয়েই গঢ়িব পাৰিব৷ মোৰ ভঁৰালত সোণ-ৰূপ, মণি-মুকুতাৰ জানো কিবা আকাল৷ লাগিছে৷ এতিয়া আহাঁ, সৌ ফুলনিত এখন্তেক ফুৰি আহোঁ৷ (সুদেষ্ণাৰ হাতত ধৰি ওলাই যায়৷ )


দ্বিতীয় দৃশ্য।

   
কীচকৰ ভোজনাগাৰ।
এখন হাঁহডিমীয়া মেজ৷
তাৰ কাষত মাচিয়া৷ একাষে পানী, চৰিয়া আদি৷
ওচৰতে ডাঁৰত গামোচা৷

বাবুৰ্চিৰ প্ৰবেশ৷

বাবুৰ্চি৷ — (মেজত কাপোৰ পৰাৰ লগে লগে ) এতিয়ালৈকে সেনাপতি ডাঙৰীয়া নাহিল৷ সময়মতে যোগাৰ নহলেও জগৰ, চেঁচা হলেও জগৰ৷ ইফালে নিজৰ সময়ৰ কোনো ঠিক নাই৷ ক’ত কি