পৃষ্ঠা:কীচক বধ (Kichak badh).pdf/৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কীচক বধ।

প্ৰথম অঙ্ক।

প্ৰথম দৃশ্য

বিৰাটৰ ভিতৰ চ'ৰা।
খোটালীটোৰ ভিতৰত কেইখনমান ডাঙৰ পীৰা। এফালে
এখন ডাঙৰ দাপোণ বেৰত অঁৰা। এখন পীৰাত
সুদেষ্ণা বহে। দ্ৰৌপদীয়ে তেওঁৰ মূৰ মেলাই
বেণী গুঠি দিয়ে। তাৰ পিচত মুখত
কিবাকিবি ৰং ঘঁহি স্পঞ্জ কৰে,
কপালত সেন্দুৰৰ ফোঁট দি
ডিঙিত এধাৰ মালা
পিন্ধায়।

দ্ৰৌপদী। — আপোনালোকৰ ৰাজ্যত ভাল ৰং পাবলৈ নাই। পাউদাৰ, স্ন', ক্ৰীম, হেয়াৰ অয়েল সকলোবোৰেই গোবান্ধ। কোনোটো গাত লাগিবই নোখোজে, কোনোটোৰ আকৌ গোন্ধেই ভেকেতা-ভেকেত। ৰজাঘৰীয়া বস্তুৱেই যদি এনে হ'ল, তেন্তে সাধাৰণ মানুহে ভাল বস্তু পাব ক'ত!