পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/৪৩

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২৯
চতুর্থ সর্গ।

তিৰু তাত নে-কি হায়! বিশ্বাসেই নাই?
ভােগাইছে ৰাজ-ভােগ ৰাণীয়ে এতিয়া,
আছে কত সুখে হায় ই ৰাজ পুৰত।
পৰাণে সইতে মই কত ভাল পাওঁ,—
তথাপিও আশা উস্‌! পৰ পুৰুষত।
ধিক্‌ ধিক্! শতধিক্‌। তিৰীৰ প্ৰেমত!
আৰু ধিক, শত ধিক! প্ৰেম শবদত!!
ধিক্ ধিক্ 'লক্ষ ধিক্' প্ৰণয় সলনী
আত্ম বিসৰ্জ্জন কৰা নাভাবি নুগুনি।
একমনে ৰাতি দিন যাক পুজিছিলোঁ
হৃদয়ৰ দেবী ভাবি হিয়া মন্দিৰত,
য ৰ মুখ খনি দেখি, লাৱণ্য সুন্দৰ,
অপাৰ আনন্দ পাওঁ জগত মাজত।
দুৰ্ভাগ্য ফেৰত হায়! হৃদয়ৰ দেবী
পিশাচিনী! হৃদয়ত জ্বলালে অগনি!
মৰু সমনীয়া আজি শান্তি সৰােবৰ!
বুৰিলে শোকৰ মণ, নাপাওঁ তৰণী॥
উস্‌!
প্ৰকৃতি দেবীৰ, হায়! কোমল কোলাত
কেচুৱা লৰাৰ দৰে আছিলোঁ যে শুই!
কোনেনাে জগাই মােক কিয় কন্দুৱালে
জ্বলালে কোনেনা এনে হৃদয়ত জুই?
দিম বুলি প্ৰতিমাক সাদৰে পিন্ধাই,
জীৱনৰ তুলি ফুল গাঁথিছিলাে মালা!