পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/১৯৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
বিৰহিণী বিলাপ কাব্য।

তথাপিতো তই অলপো নৰৱ,
নাৰাখ হাঁহিৰ বেগ!

১০
যত দিয়ে হাক ঘোৰ গাজনীৰে,

ততই হাঁহিছ তই!
আপোনাৰ স্বামী ইমান বাঁধিছে,
ভয় নালাগেনে হঁই?

১১
নে—পৰৰ দুখত

বৰ ৰঙ্গ পাৱ? সি কাৰণে হাঁহ তই?
অইনে কান্দিলে হাঁহ খেক্ খেক্,
এনে নিদাৰুণী হঁই?

১২
স্বামী বিৰহত কান্দিছো বাগৰি,

হাঁহিছ মাথোন তই?
বাৰিষা কালৰ ক’লা মেঘে সতে
ভুমুক-ভুমুকি কই?

১৩
ইমান কান্দিলো ইনাই-বীণাই,

নালাগিলে বেয়া তোৰ?
হিয়াখনি নেকি শিলেৰে বন্ধোৱা
অন্তৰ বন্ধোৱা লোৰ?*


  • লোৰ অৰ্থ লৌহ নিৰ্মিত।