পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/১৯৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
বিৰহিনী বিলাপ কাব্য
১০
ই শোক তেতিয়া যাব,

মোৰ যেৱে যাব জীৱ,
একেবাৰে শোক ভূমি পৃথিবীক এৰি!

থাকবা তেতিয়া, তৰা! বিদ্ৰুপ নকৰি!!
⸺·×·⸺
বিজুলী।

কিয়নো হাঁহিছ, ৰাঙ্গলী বিজুলী!
নীলা আকাশত তই?
তইতো নহৱ জীয়াৰী ছোৱালী,
ইমান হাঁহিবি, হঁই?

আনৰ ঘৰতো দেখিছোঁ বোৱাৰী

তো-দৰে নাহাঁহে কেও!
কচোন, বিজুলী! এনে হাঁহি তোক
শিকালে কোনেনো, তেও?

লোকৰ বোৱাৰী নাহাঁহে ইদৰে,

নকৰে ইদৰে ৰঙ্গ!
যদিওবা হাঁহে, তেতিয়াই এৰে
দেখিলে স্বামীৰ খঙ্গ!!

তইতো নহৱ জীয়াৰী ছোৱালী,

কিয় অত হাঁহ তই?