পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/১৭৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
উছৰ্গা।


আছিল যি ঘৰে পৰে সঙ্গিনী প্ৰাণৰ,
অৰ্ন্ধঙ্গিনী, অৰ্ন্ধভাগী দুখ বিপদত,
ফুলে স'তে ফুল মধু সৌরভ মধুৰ,
আশ্ৰিত যিৰূপে লতা তৰুৰ দেহত;
শোওঁতে খাওঁতে, কিম্বা কৰোঁতে ভ্ৰমন
ছয়াঁৰূপে যি আছিল শিতেশ -সঙ্গিনী,
মৰু সমনীয়া এই সংসাৰ মাজত।
হিতেশৰ, যাৰ মূৰ্ত্তি প্ৰফুল্ল নলিনী।
শোক দুখ বিষাদৰ ক'লা মেঘ খনি
আবৰি যেতিয়া ধৰে হিয়া দুভাগাৰ
সি কালত যাৰ সেই মউ-সনা হাঁহি
কৰিছিল অন্তৰৰ দুৰ অন্ধকাৰ।
সেই প্ৰিয়া প্ৰাণ প্ৰিয়া প্ৰাণ-সখী নামে
উছৰ্গিলো “বিৰহিণী” এক-চিত্ত-প্ৰাণে।



ইতি ২২ জুলাই *৯*২।



যোৰহাট
কটকীপুখুৰী
হিতেশ।