পৃষ্ঠা:কনফুচিয়াছ.djvu/৯০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২
কনফুচিয়াছ

এনে ওপৰা-উপৰিকৈ হোৱা সাংসাৰিক দুৰ্যোগেও তেওঁৰ অন্তৰত আঘাত দিছিল।

 লেৰ কেইহ্ নামে এটি লৰা আছিল। কেইহ্ বহুত বিষয়ত ককাদেউতাক কনফুচিয়াছৰ লগত মিলিছিল। কেইহ্ সদায় কনফুচিয়াছৰ লগত থাকিছিল আৰু তেওঁৰ ওচৰত পঢ়া-শুনা কৰিছিল। নাতিয়েকক লগত ৰাখি পঢ়াই শুনাই কনফুচিয়াছে আনন্দ পাইছিল।

 এদিনাখন বুঢ়া কনফুচিয়াছে চুন চিউ কিং বা ‘বসন্ত আৰু শৰৎ’ বোলা ইতিহাসৰ কিতাপখন লিখাত ব্যস্ত আছিল। কেইহ্ মনে মনে সেই কোঠাটোলৈ সোমাই আহিল আৰু যাতে বুঢ়াৰ কামত ব্যাঘাত নঘটে তালৈ লক্ষ্য ৰাখি সাৰিসুৰা নোহোৱাকৈ ৰৈ থাকিল। কনফুচিয়াছে মূৰ নদঙাকৈ কিছু সময় কাম কৰি থাকি মাজতে এবাৰ ৰ’ল আৰু এটা দীঘল হুমুনিয়াহ পেলালে।

 কেইহ্ তেতিয়া অতি সন্তৰ্পণে কনফুচিয়াছৰ ওচৰলৈ গৈ সুধিলে— “ককাদেউতা, আপুনি কিয় বেজাৰ মনেৰে হুমুনিয়াহ পেলাই থাকে? আপোনাৰ সতি সন্ততি বিলাক অপদাৰ্থ হোৱা বাবেই নেকি? নে আপুনি সম্মান আৰু শ্ৰদ্ধা কৰি থকা আপোনাৰ আগেয়ে যিসকল মহান ব্যক্তিয়ে জন্মলাভ কৰি জগতত অমৰ হৈ গৈছে সেইসকলৰ তুলনাত আপোনাক নিজকে নিজে বৰ সৰু সৰু লাগিছে?”

 কথা কেইষাৰ শুনি কনফুচিয়াছ আসনৰ পৰা উঠিল আৰু