পৃষ্ঠা:কনফুচিয়াছ.djvu/৮৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮১
কনফুচিয়াছ

উপনীত হোৱাৰ কাৰণে নহয়, যি আনন্দ কেৱল কাম কৰাৰ কাৰণেই পোৱা যায় সেই আনন্দই প্ৰেম। এই জীৱনতেই হওক বা ইয়াৰ পিচৰ জন্মতেই ফল পাবা বুলি যদি কাম কৰা তেন্তে সেই কামৰ কাৰণে পোৱা আনন্দ প্ৰেম নহয়। ভাল কাম ভাল বুলি কৰাৰ কাৰণেই যি আনন্দ সেই আনন্দই প্ৰেম। প্ৰেমেই প্ৰেমৰ ফল। প্ৰেমেই প্ৰেমৰ লক্ষ্য, ই আন কিবা পোৱাৰ সহায়ক বা উপায় নহয়। প্ৰেমে সকলো বস্তুকে সুন্দৰ কৰি তোলে। প্ৰেমেই শান্তি আনয়ন কৰে। য’ত প্ৰেমৰ অস্তিত্ব সন্দিহান হৈ উঠে তেনেকুৱা পৰিস্থিতিত সৈন্যবাহিনী প্ৰচণ্ড প্ৰতাপৰ আগতো সেও নহব। বাছাহঁত, এই কথা সদায় মনত ৰাখিবা।”

 অলপ সময় টলকামাৰি ভাবি আকৌ কলে— “যাৰ হিয়াত প্ৰেমৰ সঞ্চাৰ হৈছে সি কেতিয়াও বেয়া কাম কৰিব নোৱাৰে।”

 কনফুচিয়াছৰ বয়স ক্ৰমে ভাটি দি আহিল। বুঢ়াকালতো তেওঁ আৰম্ভ কৰা পুথি কেইখন সমাপ্ত কৰিবলৈ যথেষ্ট খাটিব লগা হৈছিল আৰু সেই কামতে সম্পূৰ্ণকৈ আত্মনিয়োগ কৰিছিল। তাৰ মাজতো চীনদেশৰ দাৰিদ্ৰ আৰু দৈন্যই তেওঁৰ মনত বৰ কষ্ট দিছিল। কনফুচিয়াছৰ সত্তৰ বছৰ পুৰ হোৱাৰ লগে লগেই তেওঁৰ পুতেক লে মৃত্যুমুখত পৰে। বিদেশত ভ্ৰমি থাকোঁতেই ঘৈণীয়েক ঢুকায়। পুতেকৰ শোক পাহৰিবলৈ নৌ পাওঁতেই তেওঁৰ অতি প্ৰিয় শিষ্য এজনেও ইহধাম ত্যাগ কৰে।