পৃষ্ঠা:কনফুচিয়াছ.djvu/৮৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৯
কনফুচিয়াছ

 কনফুচিয়াছ— এৰা, মানুহে সকলো সময়তে শিক্ষা লাভ কৰিব পাৰে। কিন্তু বয়স কম থাকোতেই শিক্ষালাভ কৰিলে অধিক ফলবতী হয়। শিক্ষা চৰিত্ৰ-গঠনৰ উপায় আৰু কম বয়সতে শিক্ষালাভ কৰি মানুহে অধিককাল সৎ চৰিত্ৰবান হৈ জীৱন নিয়াব পাৰে।

 শিষ্য— কোনো মানুহক সকলো ওচৰচুবুৰীয়াই ভালপোৱা ভালনে?

 কনফুচিয়াছ— ভাল নহয়।

 শিষ্য— তেন্তে কোনো মানুহক সকলো ওচৰচুবুৰিয়াই ঘিণ কৰা ভালনে?

 কনফুচিয়াছ— সিও ভাল নহয়। যদি এজন মানুহক ওচৰ-চুবুৰিয়াৰ ভাল মানুহ খিনিয়ে ভাল পায় আৰু বেয়া মানুহ খিনিয়ে ঘিণ কৰে তেহে ভাল।

 শিষ্য— কোনো মানুহে দোষ কৰিলে তাৰ বেয়া কামৰ পৰিশোধ ভাল কামেৰে কৰা ভাল বা উচিত নে?

 কনফুচিয়াছ— কেতিয়াও ভাল নহয়। তুমি যদি বেয়া কামৰ প্ৰতিদান ভাল কামেৰে দিয়া তেন্তে ভাল কামৰ প্ৰতিদান কিহেৰে দিবা? ভাল কামৰ প্ৰতিদান ভাল কামেৰে দিবা আৰু দোষীজনক দণ্ডবিধান কৰিবা। দোষৰ দণ্ডই সমুচিত প্ৰতিদান।

 মানুহে সমাজত কিদৰে জীৱন যাপন কৰিব লাগে, কি শিক্ষা আহৰণ কৰিব লাগে, সংসাৰত সৎ হবলৈ কি কৰিব