পৃষ্ঠা:কনফুচিয়াছ.djvu/৮৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৭
কনফুচিয়াছ

কনফুচিয়াছে নিজেই কৈছিল যে মানুহে তেওঁক এই ইতিহাস খনৰ কাৰণেই জানিব আৰু এই ইতিহাসখনৰ কাৰণেই মানুহে তেওঁক নিন্দা কৰিব। এই ইতিহাসখন চীনদেশৰ সুদীৰ্ঘ কাল এছোৱাৰ দুখ দৈন্য আৰু নিৰ্য্যাতনৰ কৰুণ কাহিনী। যদি কনফুচিয়াছক আৰু তেওঁৰ ব্যক্তিত্ব অন্য উপায়েৰে জানিব পৰা নগলহেতেন আৰু যদি এই ইতিহাস খনৰ ভিত্তিতে মাত্ৰ তেওঁক বিচাৰ কৰা গলহেতেন তেন্তে সঁচাকৈয়ে কনফুচিয়াছক জগতে নিন্দাহে কৰিলেহেতেন। যদিও এই পুথিখন চীনৰ প্ৰাচীন সাহিত্যৰ আপুৰুগীয়া বিভূতি— ই ইতিহাস হিচাপে মূল্যহীন। কনফুচিয়াছৰ মহত্ব তেওঁৰ ৰচিত পুথি চুন চিউ কিঙৰে বিচাৰ কৰিব নোৱাৰি। তেওঁৰ মহত্ব বিচাৰ কৰিব লাগে চীনদেশৰ ওপৰত বিস্তাৰ কৰা তেওঁৰ প্ৰভাৱৰ দ্বাৰাহে। যুগ যুগ ধৰি কনফুচিয়াছৰ আবিৰ্ভাবৰ পৰা আজিলৈকে চীনদেশত কনফুচিয়াছৰ প্ৰভাৱ অপ্ৰত্যাহত হৈ আছে।

 কনফুচিয়াছে আশা কৰিছিল যে তেওঁৰ পুথিৰ জৰিয়তে তেওঁৰ আদৰ্শ আৰু চিন্তাধাৰা সমগ্ৰ চীনতে জনাজাত হব আৰু তেওঁৰ অবৰ্ত্তমানেও শিষ্যসকলে এই পুথিকে আশ্ৰয় কৰি তেওঁৰ শিক্ষা প্ৰচাৰ কৰিব পাৰিব। শিষ্যসকলৰ ভিতৰত কেইগৰাকী মান অতি তীক্ষ্ণবুদ্ধিৰ লোক আছিল আৰু তেওঁলোকৰ লগত নানা সমস্যাৰ আলোচনা কৰি দিনৰ ভালেখিনি সময় কটাইছিল। কনফুচিয়াছ প্ৰধানতঃ আছিল এজন শিক্ষক আৰু তেওঁ শিক্ষাৰ মাজেদি প্ৰচাৰ কৰিছিল তেওঁৰ ৰাজনৈতিক মতবাদ