পৃষ্ঠা:কনফুচিয়াছ.djvu/৮৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫
কনফুচিয়াছ

ইতিমধ্যে লু প্ৰদেশৰ যিজন ডিউকৰ অবহেলা আৰু অবজ্ঞাৰ বাবে কনফুচিয়াছে বিৰক্ত হৈ দেশ এৰি যাবলগীয়া হৈছিল সেইজন ডিউকৰো মৃত্যু হয়। সেই ডিউকৰ পুতেক নতুন ডিউক বিদ্যানুৰাগী আৰু দুৰদৰ্শী লোক আছিল। তেওঁৰ তলত কাম কৰা এজন কৃতবিদ্য সৈন্যাধিনায়কে সমৰকৌশলৰ শিক্ষা কনফুচিয়াছৰ পৰাই পাইছিল আৰু কনফুচিয়াছক এই সেনাপতি জনে বৰ ভক্তি কৰিছিল। ইমানদিনে এই সেনাপতিজনে তেওঁৰ গুৰুক পুনৰ নিজ দেশলৈ ঘূৰাই আনিবৰ চেষ্টা কৰিব পৰা নাছিল কাৰণ আগৰ জনা ডিউকৰ প্ৰতি কনফুচিয়াছ মুঠেই সদয় নাছিল। নতুন ডিউক ক্ষমতাত অধিষ্ঠিত হ’লত এই সেনাপতিজনে কনফুচিয়াছক পুনৰ ফিৰাই আনি আগৰ পদত অধিষ্ঠিত কৰিবলৈ উঠিপৰি লাগিল। তেওঁ সদায় কনফুচিয়াছৰ জ্ঞান, বিদ্যাবুদ্ধি আৰু মহত্ব সম্পৰ্কে ডিউকক কবলৈ ধৰিলে আৰু এই মহৎ ব্যক্তিজনৰ পৰামৰ্শত দেশখন পুনৰ সমৃদ্ধিশালী কৰিবলৈ খাটনি ধৰিলে।

 ডেকা ডিউকেও কনফুচিয়াছৰ গুণ-গৰিমা জানিছিল আৰু তেওঁৰ মন্ত্ৰীত্বত লু প্ৰদেশৰ সম্পদ আৰু শক্তি সম্বন্ধেও অবগত আছিল। তেওঁ কনফুচিয়াছক নিজদেশলৈ আহি পুনৰ লু প্ৰদেশৰ শাসন ভাৰ লবলৈ প্ৰাৰ্থনা কৰি মানুহ পঠালে। অৱশেষত ১৫ বছৰ বিদেশত নানা কষ্টৰ মাজেদি ভ্ৰমণ কৰি কটাই কনফুচিয়াছে জন্মভূমি লু প্ৰদেশলৈ উভতি আহিল আৰু পুনৰ লু প্ৰদেশৰ ভাগ্য-নিয়ন্ত্ৰণৰ দায়িত্ব ললে।