পৃষ্ঠা:কনফুচিয়াছ.djvu/৮২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪
কনফুচিয়াছ

 তিৰোতাজনীয়ে উত্তৰ দিলে,— “এই ঠাই এৰি যাবলৈ মন নাযায়। এই ৰাজ্যৰ শাসকসকল অত্যাচাৰী আৰু শোষণকাৰী নহয়। সেয়েহে সকলোকে হেৰুৱাইও এই ঠাই এৰি যাবলৈ মোৰ সত যোৱা নাই।”

 তিৰোতাজনীৰ উত্তৰ শুনি কনফুচিয়াছ মুগ্ধ হ’ল আৰু শিষ্যসকলক মনত ৰাখিবলৈ কলে— “বাছাহঁত, মনত ৰাখিবা, অত্যাচাৰী চৰকাৰ বাঘতকৈও বেচি ভয়ানক আৰু বেচি ভয় কৰিবলগীয়া বস্তু।”

 কনফুচিয়াছে অনুগত শিষ্যসকলৰ সৈতে অশেষ দুখ নিকাৰ ভুগি ই ৰাজ্যৰ পৰা সি ৰাজ্যলৈ পৰ্য্যটন কৰিলে এজন জ্ঞানী প্ৰজাৰঞ্জক শাসকৰ অন্বেষণত; কিন্তু নাপালে। কিন্তু এই ভ্ৰমণেই কনফুচিয়াছক অমৰ কৰিলে আৰু জগতে তেওঁৰ সঞ্চিত জ্ঞানৰ সঁফুৰা পালে। এইদৰে ভ্ৰমণ কৰোঁতে তেওঁৰ গুণমুগ্ধ শিষ্যসকলে কনফুচিয়াছে উচ্চাৰণ কৰা প্ৰত্যেকটো বাণী আপুৰুগীয়া সম্পত্তি হিচাপে সঞ্চয় কৰিছিল আৰু তেওঁৰ প্ৰত্যেকটো আচৰণকে ভক্তিভৰে অধ্যয়ন কৰি তাৎপৰ্য্য বুজিবলৈ চেষ্টা কৰিছিল। এই শিষ্যসকলৰ কাৰণেই আজি জগতবাসীয়ে মহৰ্ষি কনফুচিয়াছৰ জীৱনৰ ঘটনাবলী আৰু তেওঁৰ অমৰ বাণীসমূহ পাব পাৰিছে।

 বিদেশত এইদৰে কল্পিত আদৰ্শৰাজ্য বাস্তবত ৰূপ দিবলৈ সুযোগ বিচাৰি ঘূৰি থাকোঁতেই কনফুচিয়াছৰ ঘৈণীয়েক ঢুকায়।