পৃষ্ঠা:কনফুচিয়াছ.djvu/৮১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭০
কনফুচিয়াছ

আচৰণেই কাপুৰুষালি। সন্ন্যাসীৰ দেখিছো বহুত লগৰীয়া আছে।”

 কনফুচিয়াছৰ কথাখিনিৰ তাৎপৰ্য্য শিষ্যসকলে উপলব্ধি কৰিব পাৰিলে। সন্ন্যাসীৰ আভৰণ ললেই সন্ন্যাসী নহয়। ইন্দ্ৰিয় দমন আৰু জনগণৰ সেৱাৰ প্ৰচেষ্টা নাথাকিলে সন্ন্যাস জীৱনৰ জটিলতাৰ পৰা পলায়নপ্ৰবৃত্তিৰ প্ৰয়াস মাথোন হৈ পৰে। এই কৃত্ৰিম সন্ন্যাসীজনৰ মনোবৃত্তি আৰু কনফুচিয়াছৰ মহত্ব শিষ্যসকলে হৃদয়ঙ্গম কৰিলে।

 এদিনাখন কনফুচিয়াছে শিষ্যসকলৰ সৈতে টিয়ান চান পৰ্ব্বতৰ কাষে কাষে গৈ থাকোতে দেখিলে এগৰাকী তিৰোতা মানুহে এটা কবৰৰ ওচৰত শোকত কাতৰ হৈ দীঘল দি পৰি আছে। তিৰোতাজনীৰ অৱস্থা দেখি কনফুচিয়াছৰ বৰ দুখ লাগিল আৰু মানুহজনীৰ দুখৰ কাৰণ জানিবলৈ তেওঁৰ শিষ্যসকলৰ এজনক পাচিলে। শিষ্যজনে তিৰোতাজনীক সেইদৰে কবৰৰ ওচৰত শোকত বিহ্বলা হৈ পৰি থকাৰ কাৰণ সুধিলত মানুহজনী উচুপি উচুপি কবলৈ ধৰিলে— “মোৰ শহুৰক এই ঠাইতে বাঘে খাই মাৰিছিল। মোৰ স্বামীকো ইয়াতে বাঘে মাৰিছে আৰু পুত্ৰইও একেদৰে বাঘৰ হাততে প্ৰাণ এৰিলে।” তেতিয়া কনফুচিয়াছে সুধিলে— “তোমাৰ স্বামীৰ পিতা, স্বামী আৰু তোমাৰ পুত্ৰই ইয়াতে বাঘৰ হাতত প্ৰাণ দিলে। তুমি এই স্থান পৰিত্যাগ কৰি আন নিৰাপদ ঠাইলৈ গুছি নোযোৱা কিয়?”