পৃষ্ঠা:কনফুচিয়াছ.djvu/৭৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১
কনফুচিয়াছ

কৰিব পাৰিছিল। শ্ৰীমদ্ভগবদগীতাৰ ভাষাত তেওঁ আছিল স্থিতপ্ৰজ্ঞ। দুখতে তেওঁৰ মন উদ্বিগ্ন নহয় আৰু সুখতো বিগতস্পৃহ আছিল। হাজাৰ দুখৰ মাজতো তেওঁ কাতৰ নহৈছিল। এবাৰ কেইবাদিনো উপবাসে থকাত দুখতে আৰু খঙতে এজন শিষ্যই কনফুচিয়াছক সুধিলে, “শ্ৰেষ্ঠলোকে এনেদৰেই কষ্ট কৰিব লাগে নেকি?” কনফুচিয়াছে অতি শান্তভাবে উত্তৰ দিলে, “শ্ৰেষ্ঠলোকে এনেদৰে কষ্ট পাব লগা হব পাৰে। তথাপি শ্ৰেষ্ঠলোক শ্ৰেষ্ঠ হৈয়েই থাকে। সাধাৰণ মানুহে এনে পৰিস্থিতিত কিন্তু আত্মসংযম হেৰুৱায়।”

 আন এদিনাখন এইদৰে ঘূৰি ফুৰোতে কনফুচিয়াছ শিষ্যসকলৰ সৈতে এখন নদীৰ পাৰত ওলাল গৈ। নদীখন পাৰ হবলৈ কোনো সাঁকো বা দলং নেদেখি তেওঁলোকে ইপিনে সিপিনে পাৰ হবলৈ বাট বিচাৰি ঘূৰাঘূৰি কৰি আছিল। তেওঁলোকে নৈখন পাৰ হবই লাগে অথচ কোনো উপায় পোৱা নাই। ওচৰতে পথাৰত কাম কৰি থকা মানুহ এজন দেখি কনফুচিয়াছে ছুলু নামেৰে এজন শিষ্যক মাতি কলে “সেই কাম কৰি থকা মানুহজনক সুধি আহাছোন নৈখনৰ কোন পিনে সাঁকো বা পাৰ হোৱা নাও আছে। তেওঁ জানিবও পাৰে।”

 ছুলু ওচৰলৈ গৈ দেখে যে মানুহজন চেঙচু, সন্ন্যাসী হৈছে। সেই সময়ত চীনদেশত অসংখ্য সাধু সন্ন্যাসী আছিল। বহুত মানুহে স্বেচ্ছাচাৰী ডিউক আৰু মন্ত্ৰীসকলৰ দুৰ্নীতি আৰু