পৃষ্ঠা:কনফুচিয়াছ.djvu/৭৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭০
কনফুচিয়াছ

ৰাজকীয় অভ্যৰ্থনা আৰু সমাদৰ পাইছিল আৰু কোনো কোনো ঠাইত অবজ্ঞাও পাইছিল। তেওঁ সন্মান বা অভ্যৰ্থনা বিচাৰি ওলোৱা নাছিল। নিজৰ কাৰণে তেওঁক একো নালাগে। তেওঁ কাৰো অনুগ্ৰহ নিবিচাৰে আৰু কাৰো কোনো প্ৰকাৰ বন্ধনত থাকিব ইচ্ছা নকৰে। এখন ৰাজ্যৰ শাসনকৰ্ত্তাই প্ৰথমে তেওঁৰ প্ৰস্তাৱত মান্তি নহল অৰ্থাৎ তেওঁৰ ৰাজ্যখনৰ শাসন আৰু সংস্কাৰৰ দায়িত্ব কনফুচিয়াছৰ হাতত অৰ্পণ কৰিবলৈ মান্তি নহল। কিন্তু কনফুচিয়াছৰ দৰে ঋষিতুল্য মহান ব্যক্তি এজনে এনেদৰে যাতনা ভুগি ঘূৰি ফুৰাটো তেওঁ সহ্য কৰিবলৈ টান পালে। কনফুচিয়াছৰ দুখ কষ্ট দেখি তেওঁৰ বৰ বেয়া লাগিল আৰু তেওঁৰ ৰাজ্যৰ এখন নগৰৰ ৰাজহ কনফুচিয়াছ আৰু তেওঁৰ শিষ্যবৰ্গৰ ভৰণ-পোষণৰ বাবে দিবলৈ তেওঁ প্ৰস্তাৱ কৰিলে। কনফুচিয়াছে এই অনুদান প্ৰত্যাখ্যান কৰি সেই দয়ালু শাসক জনক এইদৰে জনাইছিল “শ্ৰেয়কামী জনে কামৰ বাবেহে পুৰস্কাৰ লব পাৰে। মই ডিউকক উপদেশ দিছিলোঁ, কিন্তু তেওঁ নামানিলে। আৰু এতিয়া অনুদান দি মোক অনুগ্ৰহ কৰিব বিচাৰিছে। তেওঁৰ বুদ্ধি-বৃত্তি নোহোৱা হৈছে। হুটা চাউলৰ ভাত খাই, পিয়াহত পানী খাই, আৰু মোৰ বাউসীকে গাৰু কৰি লৈও মই আনন্দত আছো। অন্যায় ভাবে পোৱা ধনদৌলত, মান যশস্য মোৰ কাৰণে ভাহি ফুৰা মেঘৰ দৰে।”

 সুখ দুখ, সম্পদ আপদ কনফুচিয়াছে সমভাবেই গ্ৰহণ