পৃষ্ঠা:কনফুচিয়াছ.djvu/৭৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯
কনফুচিয়াছ

কনফুচিয়াছৰ মহান আদৰ্শই স্থায়ীভাবে খোপনি পুতিব পৰা নাছিল। চেঙেলীয়া ডিউক টিঙ ইন্দ্ৰিয়ভোগ-বিলাসী আৰু অলসতা-প্ৰিয় আছিল। কনফুচিয়াছৰ মহান আদৰ্শ আৰু শিক্ষাৰ প্ৰভাৱত এই দুৰ্ব্বলতা দূৰ হোৱাৰ আগতে এই হিংসুক আৰু পৰশ্ৰীকাতৰ শাসকসকলে ডিউকৰ এই দুৰ্ব্বলতাৰ সুযোগ লবলৈ স্থিৰ কৰিলে।

 সিহঁতে ডিউকক ভোগবিলাসত মত্ত কৰি ৰাখিবলৈ আশীজনী ধুনীয়া গাভৰু ছোৱালী আৰু কেইটামান বছা বছা ঘোৰাদৌৰ জুৱাখেলৰ কৌশল-সম্পন্ন ঘোৰা লু প্ৰদেশৰ ডিউকলৈ উপহাৰ স্বৰূপে পঠিয়াই দিয়ে। সিহঁতৰ দৰবে গুণ ধৰিলে। ডিউকে এই হিংসুক শাসকসকলৰ অভিসন্ধি ভেদ কৰিবলৈ চেষ্টা নকৰি সৌহাৰ্দ্দ্য উপহাৰৰূপে সিহঁতৰ দান গ্ৰহণ কৰিলে আৰু উচ্চপদস্থ বিষয়া সকলৰ সৈতে ডিউকে ভোগবিলাসত গা ঢালি দিলে। ধুনীয়া নাচনী গাভৰুৰ ৰূপত মজি থাকি ডিউক আৰু ৰাজকৰ্ম্মচাৰী সকলে কৰ্ত্তব্য অবহেলা কৰিব ধৰিলে। এই উপহাৰ পোৱাৰ পিচৰ পৰাই ডিউকে হয় অন্তেষপুৰত আমোদ-প্ৰমোদত নাইবা দৌৰ পথাৰত ঘোৰাদৌৰ খেলি মত্ত হৈ পৰিল। কনফুচিয়াছৰ উপদেশ বা সতৰ্কবাণী লাহে লাহে অবমাননা কৰিব ধৰিলে। ডিউকক তেওঁৰ কৰ্ত্তব্য সোৱঁৰাই দিবলৈ কনফুচিয়াছ কেইবাবাৰো ৰাজপ্ৰাসাদলৈ গ’ল কিন্তু ডিউকক তেওঁ লগ ধৰিবই নোৱাৰা হ’ল। ডিউক ৰাজসভালৈ প্ৰায় নহাই হ’ল আৰু পাৰ্য্যমানে কনফুচিয়াছক এৰাই