পৃষ্ঠা:কনফুচিয়াছ.djvu/৭৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫
কনফুচিয়াছ

 ইতিমধ্যে লু প্ৰদেশৰ শাসনকৰ্ত্তাৰ পৰলোক হ’ল আৰু নতুন ডিউকে ৰাজ্যভাৰ গ্ৰহণ কৰিলে। নতুন ডিউক টিং ডেকা মানুহ আছিল। টিঙে কনফুচিয়াছৰ জ্ঞান, অভিজ্ঞতা, সাধুতা আৰু দূৰদৰ্শিতাত মুগ্ধ হৈছিল আৰু ৰাজকাৰ্য্যৰ সকলো ক্ষেত্ৰতে তেওঁৰ পৰামৰ্শ লৈছিল আৰু তেওঁৰ উপদেশ মানি চলিছিল। ঈৰ্ষান্বিত আৰু শঙ্কা-আতুৰ দাঁতিকাষৰীয়া ৰাজ্যৰ শাসকসকলে চিন্তা কৰিব ধৰিলে কেনেকৈ নতুন ডেকা ডিউক টিঙক কনফুচিয়াছৰ প্ৰভাৱৰ পৰা আঁতৰত ৰাখিব পাৰি আৰু যাতে টিঙে কনফুচিয়াছৰ পৰামৰ্শ মতে নচলা হয় তাৰ উপায় চিন্তিবলৈ ধৰিলে। লু প্ৰদেশক আটায়ে হিংসাৰ চকুৰে চাব ধৰিলে আৰু তাৰ অৱস্থা কেনেকৈ শোচনীয় কৰিব পাৰি সেই চিন্তাত সকলো ব্যতিব্যস্ত হৈ পৰিল। সিহঁতে ভালকৈ বুজিছিল যে আগৰ ডিউকৰ শাসনকালৰ দৰে যেতিয়ালৈকে লু প্ৰদেশৰ শাসনৰ বাঘজৰী কনফুচিয়াছৰ হাতত থাকিব তেতিয়ালৈকে লু প্ৰদেশ দিনে দিনে উন্নত হৈ যাব আৰু অতি সোনকালে সমগ্ৰ চীনসাম্ৰাজ্যৰ ভিতৰতে ই অধিক শক্তিশালী আৰু সমৃদ্ধিশালী হৈ পৰিব। এতেকে লু প্ৰদেশৰ ক্ৰমোত্তৰ উন্নতিৰ পথত হেঙাৰ দিবলৈ হলে ডিউকক কনফুচিয়াছৰ প্ৰভাবৰ পৰা আঁতৰত ৰাখিব লাগিব। কনফুচিয়াছক লু দেশৰ পৰা আঁতৰাব পাৰিলে অতি সোনকালে তাক আগৰ অৱস্থালৈ ৰূপান্তৰিত কৰিব পৰা যাব। অবশেষত আটায়ে আলোচনা কৰি এটা উপায় উলিয়ালে। ডেকা ডিউক টিঙৰ মনত এতিয়াও