পৃষ্ঠা:কনফুচিয়াছ.djvu/৭২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪
কনফুচিয়াছ

অন্যান্য দাঁতিকাষৰীয়া ৰাজ্যৰ কৰ্ত্তাসকলৰ ওচৰত কনফুচিয়াছ শত্ৰু হিচাবে পৰিগণিত হৈছিল। অভিপ্ৰেত সংস্কাৰ প্ৰবৰ্ত্তনত বাধা প্ৰাপ্ত হলে কনফুচিয়াছে ৰাজ্যৰ অতি ক্ষমতাপন্ন ব্যক্তিকো ক্ষমা নকৰিছিল আৰু এই অপমানিত ক্ষমতাচ্যুত ব্যক্তিসকলে কনফুচিয়াছক ঈৰ্ষা আৰু ঘৃণা কৰিছিল আৰু কেনেকৈ কনফুচিয়াছৰ পতন আনয়ন কৰিব পাৰে তাৰে চিন্তা কৰিছিল। অবশেষত কনফুচিয়াছৰ পৰাজয় হৈছিল আৰু সিও নাটকীয় ভাবে ছী ৰাজ্যৰ পৰাই পাব লগীয়া হৈছিল। কনফুচিয়াছৰ প্ৰিয় ছাত্ৰ আৰু বন্ধু লু প্ৰদেশৰ ডিউকৰ লগত প্ৰথমবাৰ দেশ এৰি ছী ৰাজ্যতে আশ্ৰয় লব লগা হৈছিল আৰু শেষত সেই আশ্ৰয়দাতা ছী ৰাজ্যই তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি ক্ষমতাচ্যুত কৰিবলৈ উঠি-পৰি লাগিছিল।

 লু প্ৰদেশৰ প্ৰগতিমূলক সংস্কাৰে ৰাজ্যৰ গৌৰৱ, প্ৰতিস্থা, সমৃদ্ধি আশাতীত ভাবে বঢ়াইছিল। তাকে দেখি ছী নগৰৰ ডিউকৰ মনত নানা আশঙ্কা আৰু উৎকণ্ঠা জাগিল। তেওঁৰ প্ৰজাবিলাকে যদি সংস্কাৰ দাবী কৰে তেতিয়া কেনেকৈ প্ৰতিহত কৰিব? নাইবা ক্ষমতাপন্ন লু ৰাজ্যই যদি তেওঁক তলতীয়া কৰিব ইচ্ছা কৰে তেতিয়া অসন্তুষ্ট প্ৰজাৰে কেনেকৈ সেই আক্ৰমণ ৰোধ কৰিব? অকল ছী ৰাজ্যই নহয়, লু ৰাজ্যৰ দাঁতিকাষৰীয়া সকলো ৰাজ্যই লু ৰাজ্যৰ ক্ৰমাগত শক্তি আৰু ঐশ্বৰ্য্য সমৃদ্ধিৰ বাবে নিজৰ নিৰাপত্তাৰ আশঙ্কাত আতঙ্কিত হৈ উঠিছিল।